অনাদৃত, উপেক্ষিত আৰু প্ৰতিভাধৰজনক ৰাজহুৱা ভাৱে স্বীকৃতি দি অহা ৰঙিয়াৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচনৰহৈ সচিব পঙ্কজ পল্লৱ শৰ্মাই ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক বিশেষ পাৰদৰ্শিতা বঁটা প্ৰদান কৰে। বঁটাৰ লগতে এখন ফুলাম গামোছা, মানপত্ৰ দিয়া হয়। উল্লেখ্য যে, যোৱা কেইমাহ মানত ড্ৰাগছকে ধৰি বিভিন্ন অসামাজিক কামৰ বিৰুদ্ধে বিশেষ সফলতা পাবলৈ সক্ষম হোৱা আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে অলপতে আৰ্মী লিখা দুখন বিলাসী গাড়ীৰে দেশৰ বাহিৰলৈ নি থকা বহু কেইটা পশু উদ্ধাৰ কৰি উদ্ধাৰ কৰে। এইক্ষেত্ৰত আৰক্ষী বিষয়াগৰাকীক কামৰূপ আৰক্ষী য়ে পুৰস্কৃত কৰিছিল। বঁটা গ্ৰহণ কৰি ভাস্কৰ মল্ল পাটোৱাৰীয়ে সঙ্গীত গ্ৰুপ ক্ৰিয়েচনক ধন্যবাদ জ্ঞাপন কৰে। বঁটা প্ৰদান কৰি সচিব পঙ্কজ পল্লৱ শৰ্মাই আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক উচ্চ ভাষাৰে প্ৰশংসা কৰে। প্ৰতিখন থানাতে ভাস্কৰ মল্ল পাটোৱাৰীৰ দৰে আৰক্ষী বিষয়া থকাৰ পোষকতা আছে বুলি কয় সচিব পঙ্কজ পল্লৱ শৰ্মাই। বঁটা প্ৰদান অনুষ্ঠানত পঙ্কজ পল্লৱৰ শৰ্মাৰ লগতে মোস্তাফা আহমেদ, থানেশ্বৰ ডেকা, ৰবীন্দ্ৰ নাথৰ লগত বহুকেইগৰাকী সংবাদদাতা উপস্থিত থাকে।