মধ্যপ্ৰদেশৰ বালাঘাটৰ এটা জৈন মন্দিৰৰ পৰা চুৰি কৰা সকলো সামগ্ৰী এজন চোৰে ওভতাই দিয়াৰ লগতে মন্দিৰটোত কৰা চুৰিকার্যৰ বাবে ক্ষমা খোজে ৷ চুৰি সামগ্ৰীসমূহ ওভতাই দিয়াৰ লগতে তেওঁ এৰি এখন ক্ষমা পত্ৰলগত এৰি থৈ যায় । উল্লেখ্য যে বালাঘাট নগৰৰ লামটা অঞ্চলত যোৱা ২৪ অক্টোবৰত মন্দিৰৰ কেইবাটাও বহুমূলীয়া সামগ্ৰী নিৰুদ্দেশ হয় ৷ স্তানীয় ৰাইজে আৰক্ষীক খবৰ দি এই ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰে ৷ আৰক্ষীয়ে চুৰিৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ কোনো লোকক গ্ৰেপ্তাৰ কৰাৰ আগতেই স্থানীয় লোকে চাৰিদিনৰ মূৰত মন্দিৰৰ সমীপৰ এটা গাঁতত বেগত মেৰিয়াই থোৱা সকলো মূল্যৱান সামগ্ৰী উদ্ধাৰ কৰে।
সামগ্ৰীসমূহৰ লগত থৈ যোৱা ক্ষমাপত্ৰত লিখা আচিল – “অপৰাধ সংঘটিত কৰাৰ পিছত মই বহুত যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে ৷ সেইবাবেই মই এই সামগ্ৰীবোৰ ঘূৰাই দিছো। এই সামগ্ৰীবোৰ চুৰি কৰাৰ বাবে ক্ষমা বিচাৰিছো।”অৱশ্যে চোৰটোৱে কি ধৰণৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে সেয়া স্পষ্ট হোৱা নাই ৷
এটা ৰূপৰ আৰু আন তিনিটা পিতলৰ সামগ্ৰী চুৰি হৈছিল । এটা জৈন পৰিয়ালে গাঁতটোৰ ওচৰত স্থাপন কৰা টেপৰ পৰা পানী ভৰাই থকা অৱস্থাত বেগটো দেখা পায়। খোলাৰ সময়ত পৰিয়ালৰ লোকে চুৰি হোৱা সামগ্ৰীসমূহ উদ্ধাৰ কৰি মন্দিৰ কৰ্তৃপক্ষক খবৰ দিয়ে। আনুষ্ঠানিকভাৱে মন্দিৰ কৰ্তৃপক্ষক অৰ্পণ কৰা হয় বহুমূলীয়া সামগ্ৰী। এই সামগ্ৰীসমূহ আৱিষ্কাৰ হোৱাৰ পিছত স্থানীয় ৰাইজ অতিশয় আনন্দিত হৈ পৰে ৷
স্থানীয় এজন লোকে কয় , “আমি অত্যন্ত সুখী। আৰু ক্ষমাপ্ৰাৰ্থনাৰ টোকাও আছিল। ইয়াৰ পৰা দেখা যায় যে ঈশ্বৰ আমাৰ লগত আছে, আৰু অলৌকিক ঘটনা ঘটে।” ইফালে, মন্দিৰৰ পৰা এই মূল্যবান সামগ্ৰী কোনে চুৰি কৰিছিল সেই বিষয়ে জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।