দেওবাৰে গুৱাহাটীৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত সচেতনতা,সুৰক্ষা আৰু সজীৱ জীৱনৰ দিশে এখোজ ‘ মূলমন্ত্ৰৰে সমাজৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰি অহা অসমৰ এক অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ‘সদিচ্ছা’ৰ তৃতীয় বৰ্ষপূৰ্তি “সদিচ্ছা দিৱস” বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় । সংগঠনটোৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে প্ৰকাশ কৰি উলিওৱা মুখপত্ৰ “সদিচ্ছা”ৰ প্ৰথম সংখ্যা উন্মোচন কৰে অসমৰ এগৰাকী প্ৰসিদ্ধ ৰহস্য ঔপন্যাসিক ৰঞ্জু হাজৰিকাই। ।
বন্তি প্ৰজ্বলন কৰি সদিচ্ছা দিৱসৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে । ‘সদিচ্ছা’ৰ সভাপতি মনালিছা বৰুৱাৰ আদৰণি ভাষণৰ পিছত ‘সদিচ্ছা’ই আগবঢ়োৱা সম্বৰ্ধনা গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত স্বনামধন্য অভিনেত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত বিগত ৩ বছৰীয়া যাত্ৰাকালত ‘সদিচ্ছা’ই সমাজৰ হিতৰ বাবে কৰি যোৱা কাৰ্যক্ৰমৰ শলাগ লয়।
‘সদিচ্ছা দিৱস’ উপলক্ষে প্ৰকাশ কৰি উলিওৱা মুখপত্ৰ “সদিচ্ছা”ৰ প্ৰথম সংখ্যা উন্মোচন কৰি বিশিষ্ট লেখক ৰঞ্জু হাজৰিকাই উচ্চ মানৰ আলোচনী এখন প্ৰকাশ কৰি উলিওৱা বুলি সদিচ্ছা সংগঠনৰ কৰ্মকৰ্তাসকলক প্ৰশংসা কৰে। আনহাতে ভাষণ প্ৰসংগত তেওঁ সমাজৰ উত্তৰণত সদিচ্ছাৰ দৰে সংগঠনৰ যথেষ্ট প্ৰাসংগিকতা আছে বুলিও উল্লেখ কৰে।
উক্ত অনুষ্ঠানতে বিশিষ্ট সমাজসেৱক,”মা” অনুষ্ঠানৰ যোগেদি অসমৰ বিভিন্ন স্থানৰ সহস্ৰাধিক পিতৃ-মাতৃক সম্বৰ্ধনা আৰু উপহাৰ প্ৰদান কৰি বিশেষ নজিৰ স্থাপন কৰা গোবিন বৰদলৈক ‘সদিচ্ছা দিৱস’ৰ বিশেষ সম্বৰ্ধনা আগবঢ়োৱা হয় । ভাষণ প্ৰসংগত বৰদলৈয়ে বৰ্ণনা কৰা নিজৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতাৰ কাহিনীয়ে উপস্থিত প্ৰতিজন দৰ্শকক আপ্লুত কৰে। বৰ্তমানৰ বৃদ্ধাশ্ৰম ব্যৱস্থাৰ বিৰোধিতা কৰি তেওঁ উঠি অহা প্ৰজন্মক পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। কাৰ্যসূচীৰ প্ৰাৰম্ভতে অসমৰ এগৰাকী জনপ্ৰিয় সংগীত শিল্পী সংগীতা কাকতিৰ মঙ্গলাচৰণে অনুষ্ঠানটোক এক ভিন্ন মাত্ৰা প্ৰদান কৰে। লগতে তেওঁ পৰিবেশন কৰা এটি জনপ্ৰিয় গীতে অনুষ্ঠানটোৰ সোণত সুৱগা চৰায়।
আন এগৰাকী বিশিষ্ট অতিথি, “সদিচ্ছা”ৰ মুখ্য উপদেষ্টা জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে নিজৰ ভাষণ প্ৰসংগত “সদিচ্ছা”ৰ তিনিবছৰীয়া যাত্ৰা সম্পৰ্কে উপস্থিত সকলক অৱগত কৰে ।ইফালে মুখপত্ৰ সম্পাদক মঞ্জুলা ভট্টাচাৰ্যই সম্পাদনা সমিতিৰ হৈ মুখপত্ৰখন প্ৰকাশৰ লগত জড়িত বিভিন্ন দিশ উনুকিয়ায় ।
বিগত বৰ্ষপূৰ্তি সমূহৰ দৰে এইবাৰো ‘সদিচ্ছা’ৰ সাধাৰণ সম্পাদক ময়ুৰী দত্তই আঁত ধৰা এই অনুষ্ঠানত এগৰাকী দৰিদ্ৰপীড়িত মহিলা গীতিকা দত্তক ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰা হয় ।
সদিচ্ছাৰ আন বিষয়ববীয়া, সদস্য আৰু বহুকেইগৰাকী অতিথিৰ উপস্থিতিত সুকলমে সম্পন্ন হোৱা সংগঠনটোৰ এই তৃত্বীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ শেষত সদিচ্ছাৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য মৰমী শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়।