গুজৰাটৰ মর্বিত ওলমা দলং খহি পৰাৰ ফলত প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে ৷ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ কৰিব দূঘর্টনাস্থলী ৷ কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাকক্ষণত পুনৰ সৃষ্টি হৈছে আন এক বিতর্কৰ ৷ প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মর্বি অসামৰিক চিকিৎসালয় নিশাৰ ভিতৰতে মেৰামতি কৰা কার্যক লৈ বিৰোধীৰ সমালোচনাৰ সন্মুখীন হৈছে।
যোৱা নিশাৰে পৰা প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে মাজনিশা হাস্পতালখনত যুদ্ধকালীন গতিৰে মেৰামতি কৰা হয় ৷ দেৱাল আৰু চিলিঙত ৰং কৰাৰ লগতে খোৱা পানীৰ নতুন ব্যৱস্থা হাস্পতালখনত স্থাপন কৰা হৈছে ৷ এই দূর্ঘটনাত আহত প্ৰায় ১৩ জন লোকক ভৰ্তি কৰা ৱাৰ্ড দুটাৰ বিচনা চাদৰসমূহ দ্ৰুতগতিত সলনি কৰা হৈছে । গভীৰ নিশা একাধিক লোকে চৌহদটো ঝাড়ু দিয়া দেখা গৈছিল।
त्रासदी का इवेंट
कल PM मोदी मोरबी के सिविल अस्पताल जाएंगे। उससे पहले वहां रंगाई-पुताई का काम चल रहा है। चमचमाती टाइल्स लगाई जा रही हैं।
PM मोदी की तस्वीर में कोई कमी न रहे, इसका सारा प्रबंध हो रहा है।
इन्हें शर्म नहीं आती! इतने लोग मर गए और ये इवेंटबाजी में लगे हैं। pic.twitter.com/MHYAUsfaoC
— Congress (@INCIndia) October 31, 2022
চৰকাৰী শীৰ্ষ বিষয়াসকলৰ ভ্ৰমণৰ পূৰ্বে এনে প্ৰস্তুতি অস্বাভাৱিক নহয় যদিও বিৰোধী দল কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে প্ৰধানমন্ত্ৰীৰ বাবে “ফটোশ্বুট” নিশ্চিত কৰিবলৈ বিজেপিক “ইভেণ্ট মেনেজমেণ্ট”ত ব্যস্ত থকাৰ অভিযোগ উত্থাপন কৰিছে।
ইয়াক “ট্ৰেজেডী ইভেণ্ট” বুলি অভিহিত কৰি কংগ্ৰেছে নিজৰ অফিচিয়েল হেণ্ডেলৰ পৰা টুইট কৰি কয় , “কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে মর্বিৰ অসামৰিক চিকিৎসালয় ভ্ৰমণ কৰিব। তাৰ আগতে ৰঙ কৰা, চিকচিকিয়া টাইলছ লগোৱা হৈছে। সকলো ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ ছবিবোৰত যাতে একো ভুল নাথাকে তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। তেওঁলোকৰ কোনো লাজ নাই, ইমানবোৰ মানুহৰ মৃত্যু হৈছে আৰু তেওঁলোক ইভেণ্ট মেনেজমেণ্টত ব্যস্ত।”
किसी के घर में मृत्यु हो जाए, तो रंगाई पुताई करवाता है ?
अस्पताल के अंदर 134 लाशे पड़ी है, और हॉस्पिटल की रंगाई पुताई का काम चल रहा है । pic.twitter.com/dBxYJhNXAD
— Saurabh Bharadwaj (@Saurabh_MLAgk) November 1, 2022
চলিত বৰ্ষৰ গুজৰাট নিৰ্বাচনত বিজেপিৰ বাবে প্ৰত্যাহ্বান হৈ পৰা আম আদমী পাৰ্টিয়ে টুইটযোগে কয় – “মৰ্বি অসামৰিক চিকিৎসালয়ৰ দৃশ্য। কাইলৈ প্ৰধানমন্ত্ৰীৰ ফটোশ্বুটত যাতে একো ভুল নহয় তাৰ বাবে মেৰামতিৰ কাম চলি আছে। বিগত ২৭ বছৰত বিজেপিয়ে কাম কৰা হ’লে মাজনিশা চিকিৎসালয়খন সজ্জিত কৰাৰ প্ৰয়োজন নাথাকিলহেঁতেন।”