ভাৰতৰ ‘ষ্টীল মেন’ হিচাপে পৰিচিত জামছেদ জে ইৰানীৰ সোমবাৰে মাজনিশা জামছেদপুৰত মৃত্যু হয় ৷ টাটা ষ্টীলেআজি এই কথা প্ৰকাশ কৰিছে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। নিশা ১০ বজাত জামছেদপুৰৰ টিএমএইচ (টাটা হাস্পতাল)ত পদ্মবিভুষণ সন্মানেৰে সন্মানিত ইৰাণীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ইৰাণীয়ে ২০১১ চনৰ জুন মাহত টাটা ষ্টীলৰ ব’ৰ্ডৰ পৰা অৱসৰ গ্ৰহণ কৰি ৪৩ বছৰৰ উত্তৰাধিকাৰ এৰি থৈ যায় ৷ ১৯৩৬ চনৰ ২ জুনত নাগপুৰত জিজি ইৰানী আৰু খোৰছেদ ইৰানীৰ ঘৰত জন্মগ্ৰহণ কৰা ড০ ইৰাণীয়ে ১৯৫৬ চনত নাগপুৰৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা বি এছ চি আৰু ১৯৫৮ চনত নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ত্বত এম এছ চি ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ ব্ৰিটেইনৰ শ্বেফিল্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে ৷ ১৯৬০ চনত মেটালাৰ্জীত স্নাতকোত্তৰ আৰু ১৯৬৩ চনত মেটালাৰ্জীত পি এইচ ডি লাভ কৰে।
১৯৬৩ চনত শ্বেফিল্ডৰ ব্ৰিটিছ আইৰন এণ্ড ষ্টীল ৰিচাৰ্চ এছ’চিয়েশ্যনৰ সৈতে তেওঁৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰে ৷ ১৯৬৮ চনত তেওঁ ভাৰতলৈ উভতি আহি তেতিয়াৰ টাটা আইৰন এণ্ড ষ্টীল কোম্পানী (বৰ্তমান টাটা ষ্টীল)ত যোগদান কৰে ৷
১৯৭৮ চনত তেওঁ জেনেৰেল অধীক্ষক, ১৯৭৯ চনত জেনেৰেল মেনেজাৰ আৰু ১৯৮৫ চনত টাটা ষ্টীলৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।১৯৮৮ চনত টাটা ষ্টীলৰ যুটীয়া পৰিচালন সঞ্চালক, আৰু ২০০১ চনত অৱসৰ লোৱাৰ পূৰ্বে ১৯৯২ চনত পৰিচালন সঞ্চালক হিচাপে দায়িত্ব লয় ৷ টাটা ষ্টীল আৰু টাটা সন্সৰ উপৰিও ডাঃ ইৰাণীয়ে টাটা মটৰ্ছ আৰু টাটা টেলিচাৰ্ভিচেছকে ধৰি কেইবাটাও টাটা গ্ৰুপৰ কোম্পানীত সঞ্চালক হিচাপেও কাম কৰিছিল। ১৯৯২-৯৩ বৰ্ষৰ বাবে ভাৰতীয় উদ্যোগ সংঘৰ ৰাষ্ট্ৰীয় সভাপতি পদতো তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৯৬ চনত ৰয়েল একাডেমী অৱ ইঞ্জিনিয়াৰিঙৰ ইণ্টাৰনেশ্যনেল ফেল’ হিচাপে নিযুক্তি আৰু ১৯৯৭ চনত দ্বিতীয় ৰাণী এলিজাবেথৰ দ্বাৰা ভাৰত-ব্ৰিটিছ ট্ৰেড এণ্ড কো-অপাৰেচনত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক অনাৰেৰী নাইটহুড হিচাপে নিযুক্তি দিয়াকে ধৰি কেইবাটাও সন্মান লাভ কৰে। ২০০৭ চনত তেওঁক পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল। ড° ইৰাণীয়ে ধাতুবিদ্যাৰ ক্ষেত্ৰত কৰা সেৱাৰ স্বীকৃতি স্বৰূপে ২০০৮ চনত ভাৰত চৰকাৰৰ জীৱনজোৰা সাধনা বঁটাও লাভ কৰিছিল।
ডাঃ ইৰাণীয়ে পত্নী ডেইজী ইৰানী আৰু তিনি সন্তান জুবিন, নিলৌফাৰ আৰু তানাজক ইহসংসাৰত এৰি থৈ যায়।