ইতিবাচক চিন্তা বা কৰ্মস্পৃহা থাকিলে যিকোনো মানুহৰ বাবেই কোনো কাম কৰাই হয়তো কঠিন নহয় ৷ মানুহে যিকোনো পৰিস্থিতিত ,যিকোনো বয়সত অসাধ্য সাধন কৰিব পাৰে যদিহে তেওঁৰ ইচ্ছাশক্তি প্ৰবল হয় ৷ তাৰ এক জলন্ত উদাহৰণ এগৰাকী ৯৫বছৰীয়া বৃদ্ধ মহিলা ৷ যি নিজৰ শিল্প কৰ্মৰ যোগেদি নিজৰ ঘাঁওখনত জাকত জিলিকা কৰি সজাই তুলিছে ৷ নীলা ৰং আৰু এডাল সৰু ব্ৰাছ ব্যৱহাৰ কৰি গাঁওখনক যেন এটা আৰ্ট গেলেৰীলৈহে পৰিৱৰ্তন কৰিছে তেওঁ ৷
এই ৯৫ বছৰীয়া মহিলাগৰাকীৰ নাম এগনেছ কাস্পাৰ্কোভা ৷ যি চেক গণৰাজ্যৰ পোলেণ্ডৰ এখন সৰু গাৱক তেওঁৰ অসাধাৰণ শিল্প কৰ্মৰে বিশ্বৰ আগত তুলি ধৰিছে ৷
পোলেণ্ডৰএই সৰু গাওঁখন য’ত প্ৰতিটো ঘৰ তেওঁ অঁকা ফুলেৰে আবৃত ৷ চেক গণৰাজ্যৰ লুকাৰ এইগৰাকী ৯০ বছৰীয়া বাসিন্দাই নিজৰ গাওঁখন সজাই তোলাৰ লক্ষ্যৰে প্ৰতিটো বসন্ত আৰু গ্ৰীষ্মকালত খিৰিকী আৰু দুৱাৰৰ ফ্ৰেমবোৰ কটায় আৰু তাত ৰাজকীয় নীলা ফুলৰ ডিজাইন অংকণ কৰে ।
তেওঁ পেচাত এগৰাকী প্ৰাক্তন কৃষি কৰ্মী যি বহু বছৰ ধৰি এই কামত অভিজ্ঞ আন এগৰাকী স্থানীয় মহিলাৰ পৰা দেৱাল সজ্জাৰ এই কাম শিকিছিল। নীলা ৰং আৰু এডাল সৰু ব্ৰাছ ব্যৱহাৰ কৰি, তেওঁ পৰম্পৰাগত মৰাভিয়ান (দক্ষিণ চেক) শিল্পকৰ্মৰ দ্বাৰা অনুপ্ৰাণিত জটিল ফুলৰ দেৱালৰ ম্যুৰাল সৃষ্টি কৰে। স্থানীয় লোক সকলৰ ওপৰিও সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা এই বয়োজ্যাষ্ঠা মহিলা গৰাকীয়ে এই কথা দাবী কৰে যে তেওঁৰ এই চিত্ৰাংকণ সম্পূৰ্ণৰূপে নিজৰ আনন্দৰ বাবেহে ৷ যিহেতু তেওঁ এগৰাকী শিল্পী হিচাপে তেওঁৰ নিজৰ এই শিল্প কৰ্মক উপভোগ কৰে আৰু মানসিক তৃপ্তি লাভ কৰে ৷
সৃষ্টিশীল মন বা সৃষ্টিশীলতাৰ ক্ষেত্ৰত বয়স যে সঁচাকৈয়ে কেৱল এটা সংখ্যাহে তাক প্ৰমাণ কৰিলে ৯৫বছৰীয়া এই শিল্পী গৰাকীয়ে ।