মংগলবাৰে হাৰয়ানাৰ পানিপথৰ এক সম্বৰ্ধনা অনুষ্ঠানত অংশ লোৱা অলিম্পিক সোণ বিজয়ী নীৰজ চোপ্ৰা হঠাৎ মঞ্চতে অসুস্থ হৈ পৰিল।অনুষ্ঠান চলি থকাৰ মাজতে এনেকৈ ঢলি পৰা নীৰজ চোপ্ৰা টকিঅ‘ অলিম্পিকৰ পৰা ঘূৰি অহাৰ পিছৰে পৰা ভাগৰুৱা আৰু অসুস্থ হৈ আছিল।
টকিঅ’ৰ পৰা ঘূৰি অহা দিন ধৰি জ্বৰ আৰু ডিঙিৰ বিষত ভুগি থকা নীৰজক ক‘ভিড পৰীক্ষা কৰা হৈছিল। ক’ভিডৰ প্ৰতিবেদনত নিগেটিভ ফলাফল অহাৰ পিছতো খেলুৱৈ জনৰ অৱশ্যে জ্বৰ কমা নাছিল।
তেনে অৱস্থাৰে দিল্লীৰ পৰা পানিপথলৈ এটা গাড়ীৰ শোভাযাত্ৰাত অংশ লৈছিল খেলুৱৈ জনে।প্ৰায় ছয় ঘন্টা সময় লোৱা এই শোভাযাত্ৰাত খেলুৱৈ জনে যথেষ্ট অসুবিধা পাইছিল। যিহেতু অত্যন্ত গৰমত খেলুৱৈ জনে অধিক অসুস্থ অনুভৱ কৰিছিল।
পিছত চিকিৎসকৰে যোগাযোগ কৰাত অত্যন্ত গৰমৰ বাবে অসুস্থ হোৱা বুলি কোৱাৰ লগতে কিছু দিন বিশ্ৰামৰ পৰামৰ্শ আগবঢ়াই খেলুৱৈজনক।
উল্লেখ যোগ্য যে টকিঅ‘ অলিম্পিকৰ পৰা ঘূৰি অহা দিন ধৰি এটা দিনো বিশ্ৰাম নোলোৱা নীৰজে ইয়াৰ পূৰ্বে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ লৈছিল আৰু সেই দিনাও খেলুৱৈ জনৰ শাৰীৰিক অৱস্থা ভাল নাছিল।
এতিয়া সচেতন মহলত চৰ্চা চলিছে যে দীৰ্ঘ দিন ধৰি শাৰীৰিক মানসিক কষ্ট কৰি পদক কঢ়িয়াই অনা সকলো খেলুৱৈক এই মূহুৰ্তত কিছু বিশ্ৰামৰ প্ৰয়োজন আছে।যিহেতু তেওঁলোক দেশৰ সম্পদ। তেনেক্ষেত্ৰত সম্পদৰ ৰক্ষণাবেক্ষণ দিয়াটোও প্ৰতিজন লোকৰে দায়িত্ব হোৱা উচিত।