অসমীয়া জাতিৰ স্বাভীমান ,অসমীয়াৰ পৰিচয়,সৌৰ্য্য-বীৰ্যৰ প্ৰতীক জাতীয় বীৰ লাচিত বৰফুকন ৷ সেয়েহে এইবাৰ বীৰ লাচিতৰ ৪০০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত “অসম ৰেপাৰেটৰী”য়ে তেজপুৰত আয়োজন কৰিবলৈ লৈছে এক বৰ্ণাঢ্য কাৰ্য্যসূচী।
অহা ১৯ আৰু ২০ নৱেম্বৰত তেজপুৰৰ হজৰাপাৰ পুখুৰীৰ পাৰত মুক্তাংগণত ৰাজ্যখনৰ ২৫০ গৰাকী শিল্পীয়ে বিশেষ শৈলীৰে নিবেদন কৰিব পুলক কুমাৰ ডেকা পৰিকল্পিত – পৰিচালিত নাটক “লাচিত – বুৰঞ্জী লিখাৰ তৰোৱাল” ৷ শব্দ – পোহৰৰ মায়াজালত ৰাজ্যখনৰ বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, বিধায়ক পৃথ্বীৰাজ ৰাভা, পদ্ম হাজৰিকাকে আদি কৰি নবীন-প্ৰবীণ ২৫০ গৰাকী শিল্পীয়ে অভিনয় কৰিবলগীয়া “লাচিত – বুৰঞ্জী লিখাৰ তৰোৱাল”শীৰ্ষক এই নাটখনৰ কালি সন্ধিয়া তেজপুৰৰ ঐতিহাসিক পকীৰ চোতালত মাংগলিক আৰু বৰ্ণাঢ্য পৰিৱেশত নাটমেলা কাৰ্য্য সম্পন্ন হৈ যায় । উল্লেখ্য যে, তেজপুৰৰ সন্তান, যুৱ ব্যৱসায়ী নয়নজ্যোতি ভট্টাচাৰ্য্যৰ বহু চৰ্চিত উপন্যাস “বুৰঞ্জী লিখা তৰোৱাল” ৰ আধাৰত পুলক কুমাৰ ডেকাৰ নাট্যৰূপ “লাচিত – বুৰঞ্জী লিখাৰ তৰোৱাল”ত লাচিতৰ চৰিত্ৰ ৰূপায়ন কৰিব বিশিষ্ট শৰীৰ চৰ্চাবিদ, মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈয়ে। আনহাতে বিশেষ চৰিত্ৰত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰয়ো নাটকখনত ভূমুকি মাৰিব।
পংকজ বৰুৱাই আঁত ধৰা কালিৰ এই ‘মাটমেলা’ অনুষ্ঠানত অংশ গ্ৰহণ কৰে তেজপুৰৰ বিদ্বৎ সমাজে।