উত্তৰ-পূৰ্বাঞ্চলৰ এক আগশাৰীৰ শিক্ষানুষ্ঠান ‘অসম ডাউন টাউন বিশ্ববিদ্যালয় ৷ শিক্ষানুষ্ঠানখনে বহু সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি শিক্ষাৰ্থী সকলৰ সামগ্ৰিক উন্নতিৰ বাবে সদায়েই চেষ্টা কৰি আহিছে ৷
‘গুৱাহাটী ৰিজনেল কমিটি অৱ ইণ্ডিয়ান নেশ্যনেল কনফেদাৰেশ্যন এণ্ড একাডেমী অৱ এনথ্ৰ’পলজিষ্টছ’ চমুকৈ আই.এন.চি.এ আৰু ডাউনটাউন বিশ্ববিদ্যালয়ৰ মানৱতা আৰু সমাজ বিজ্ঞান বিভাগৰ উদ্যোগত আজিৰ পৰা বিশ্ববিদ্যালয়খনত আৰম্ভ হৈছে উন্নয়ন আৰু পৰিবৰ্তন বিষয়ক এক আন্তঃৰাষ্ট্ৰীয় সন্মিলনখন ৷
গুৱাহাটীৰ পানীখেতিত অৱস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সন্মিলনখনে নিশ্চয়কৈ বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী সকলক যথেষ্ট উপকৃত কৰিব ৷ সেয়েহে উন্নয়ন আৰু পৰিবৰ্তন বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনত সকলোৰে উপস্থিতি ও সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে ৷