হিন্দু ধৰ্মত তুলসীক অতি পৱিত্ৰ গছ বুলি মান্যতা দিয়া হয়। প্ৰায় প্ৰতিটো মন্দিৰ বা প্ৰতি ঘৰতেই তুলসী গছ দেখিবলৈ পোৱা যায়। বিভিন্ন ধৰ্মীয় কামত তুলসীৰ প্ৰয়োজন আছে। তুলসী অবিহনে পূজা-পাৰ্বন অসম্পূৰ্ণ হয় , সেইবাবে প্ৰতিটো হিন্দুৰ ঘৰতেই তুলসী গছ ৰোপণ কৰা দেখা যায়।
তুলসী গছ অতি পৱিত্ৰ গছ। ঘৰত তুলসী গছ ৰোপণ কৰাৰো কিছু নিয়ম আছে। এই নিয়ম নামানিলে ঘৰখনৰ ওপৰত অশুভ প্ৰভাৱ পৰে বুলি বিশ্বাস কৰা হয়। জানো আহকচোন কি নিয়মেৰে আমি ঘৰত বা ঘৰৰ চৌহদত তুলসী গছ ৰাখিব লাগে—
১) বাস্তু শাস্ত্ৰ অনুসৰি পূৱ , উত্তৰ , উত্তৰ -পূৱ (ঈশান কোণ) বা মাজ ভাগত তুলসী গছ ৰাখিব লাগে। এই স্থানত তুলসী গছ ৰাখিলে পৰিয়ালৰ কাৰণে অতি শুভ ফল প্ৰদান কৰে।
২) সনাতন ধৰ্ম অনুসৰি কাতি মাহৰ বৃহস্পতি বাৰে তুলসী গছ ৰোপণ কৰা অতি উত্তম। তুলসী গছ সদায় বিজোৰ সংখ্যাত ৰাখিব লাগে।
৩) তুলসী গছৰ চাৰিওপিনে পৰিষ্কাৰ কৰি ৰাখিব লাগে। কোনো ধৰণৰ লেতেৰা , ঝাড়ু , পুৰণা কাপোৰ , আৱৰ্জনা বা কাঁটা যুক্ত গছ তুলসী গছৰ ওচৰত ৰাখিব নালাগে।
৪) একাদশী , পূৰ্ণিমা , অমাৱস্যা , সূৰ্যগ্ৰহণ , চন্দ্ৰগ্ৰহণ , ৰবিবাৰ বা ৰাতিৰ সময়ত তুলসীৰ গছৰ পৰা তুলসী পাত চিঙা অশুভ ।
৫) আন্ধাৰ হোৱা ঠাইত তুলসীৰ গছ ৰাখিব নালাগে। মুকলি আৰু পোহৰ পৰা ঠাইত তুলসী গছ ৰাখিব লাগে। সন্ধিয়া সময়ত তুলসীৰ তলত বন্তি জ্বলাব লাগে।