আজি বিখ্যাত নাট্যকাৰ, সমালোচক জৰ্জ বাৰ্নাৰ্ড শ্বৰ স্মৃতি দিৱস । তেওঁ মঞ্চনাটক, সংস্কৃতি তথা ৰাজনীতিৰ সৈতে জড়িত আছিল । তেওঁ আছিল লণ্ডন স্কুল অব ইকনমিক্সৰ সহ-প্ৰতিষ্ঠাতা । তেওঁ এগৰাকী চুটিগল্পকাৰ আৰু ঔপন্যাসিকো আছিল ।ব্যংগ ৰচনাৰ পৰা আৰম্ভ কৰি ঐতিহাসিক ৰূপক কাহিনীলৈকে বিশেষ দখল থকা তেওঁ সেইসময়ৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক । মেন এণ্ড ছুপাৰমেন (১৯০২), পিমেলিয়ন (১৯১২), ছেণ্ট জন(১৯২৩)কে ধৰি ষাঠিৰো নাটক তেওঁ ৰচনা কৰিছিল । নাট্যকাৰ হিচাপে উইলিয়াম ছেইক্সপিয়েৰৰ পিছতেই তেওঁৰ স্থান বুলি গণ্য কৰা হয় । ১৯২৫ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে । ১৯৫০ চনৰ আজিৰ দিনটোতে ইংলেণ্ডত তেওঁৰ মৃত্যু হয় । এইগৰাকী নাট্যকাৰলৈ আমাৰ প্ৰণাম ।