ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক ৰাজ্যত সংঘটিত হোৱা খনি কেলেংকাৰিৰ গোচৰত এনফর্চমেণ্ট সঞ্চালকালয় চমুকৈ ইডিয়ে চমন জাৰি কৰিছে।তদন্তকাৰী সংস্থাটোৱে কাইলৈ ৰাঁচীস্থিত তেওঁলোকৰ আঞ্চলিক কাৰ্যালয়ত উপস্থিত হ’বলৈ হেমন্ত ছোৰেনক নির্দেশ দিছে ৷
ইয়াৰ পূৰ্বে ইডিয়ে এই গোচৰত মুখ্যমন্ত্ৰীৰ সহায়ক পংকজ মিশ্ৰৰ লগতে আন দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল। জুলাই মাহত তদন্তকাৰী সংস্থাটোৱে ৰাজ্যজুৰি অভিযান চলাই মিশ্ৰৰ বেংক একাউণ্টৰ পৰা ১১.৮৮ কোটি টকা জব্দ কৰাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰে। তেওঁৰ ঘৰত উদ্ধাৰ হৈছে ৫.৩৪ কোটি টকা ৷ খবৰ অনুসৰি ইডিয়ে গোচৰটোৰ মূল অভিযুক্ত মিশ্ৰৰ ঘৰৰ পৰা হেমন্ত ছোৰেনৰ পাছবুক আৰু তেওঁৰ স্বাক্ষৰিত কিছু চেক উদ্ধাৰ কৰে।
ইডিয়ে নিজৰ অভিযোগনামাত উল্লেখ কৰা অনুসৰি হেমন্ত ছোৰেনৰ ৰাজনৈতিক প্ৰতিনিধি পংকজ মিশ্ৰই মুখ্যমন্ত্ৰীৰ বিধানসভা সমষ্টি বৰহাইটৰ অবৈধ খনন ব্যৱসায়ক তেওঁৰ সহযোগীৰ জৰিয়তে “নিয়ন্ত্ৰণ” কৰে। পংকজ মিশ্ৰ আৰু তেওঁৰ দুই সহায়ক বচু যাদৱ আৰু প্ৰেম প্ৰকাশৰ বিৰুদ্ধে ইডিয়ে অভিযোগনামা দাখিল কৰে। অবৈধ খননৰ গোচৰত ইডিয়ে এতিয়ালৈকে জব্দ কৰিছে ৩৭ লাখ টকা ৷
আগষ্ট মাহত তদন্তকাৰী সংস্থাটোৱে এই গোচৰৰ সন্দৰ্ভত ছোৰেনৰ প্ৰেছ উপদেষ্টা অভিষেক প্ৰসাদকো জেৰা কৰিছিল। ২০২১ চনত নিজৰ নামত খনিৰ পট্টা প্ৰদান কৰাৰ অভিযোগত ছোৰেনৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছিল ৷
খনিৰ পট্টা নিজৰ নামত আৱণ্টন কৰি নিৰ্বাচনী নিয়ম উলংঘা কৰা বুলি বিজেপিৰ অভিযোগৰ পিছতে নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰীগৰাকীক অযোগ্য ঘোষণাৰ পৰামৰ্শ আগবঢ়োৱা বুলি জানিব পৰা গৈছে। ৰাজ্যপাল ৰমেশ বাইছে সিদ্ধান্ত লোৱাৰ পূৰ্বে এই অভিযোগত “দ্বিতীয় মতামত” প্ৰদান কৰিবলৈ নির্দেশ দিছে ৷