জম্মু-কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিক আৰু কাশ্মীৰি পণ্ডিতক আক্ৰমণৰ লক্ষ্য কৰি লোৱা লস্কৰ-ই-তৈবাৰ তিনিজন দুধর্ষ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা হৈছে ৷ জম্মু-কাশ্মীৰৰ অৱন্তিপোৰাত জম্মু-কাশ্মীৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ তিনিও জন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা হয়।
নিহত সন্ত্ৰাসবাদীৰ ভিতৰত আছে পুলৱামাৰ মুখতাৰ আহমেদ ভাট আৰু ছাকলাইন মুস্তাক। আন এজন নিহত সন্ত্ৰাসবাদী মুছফিক আছিল পাকিস্তানৰ বাসিন্দা।জম্মু-কাশ্মীৰ আৰক্ষীৰ মতে, তিনিওজন সন্ত্ৰাসবাদীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ আশে-পাশে বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছিল। সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ হৈছে এটা একে-৪৭ এছল্ট ৰাইফল।
জম্মু-কাশ্মীৰ আৰক্ষীৰ মতে, মুখতাৰ আহমেদ ভাট আছিল লস্কৰৰ সৈতে জড়িত দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ এজন দুধর্ষ কমাণ্ডাৰ। পুলৱামাৰ বাসিন্দা ভাট ১৮ এপ্ৰিলত পেহীয়েকৰ ওচৰলৈ যোৱাৰ অজুহাতত ঘৰৰ পৰা ওলাই যোৱাৰ পাছত সন্ধানহীন হৈছিল। পিছত তদন্তত লাভ কৰা তথ্য অনুসৰি তেওঁ টি আৰ এফত যোগদান কৰিছিল আৰু পুলৱামাৰ আশে-পাশে উগ্ৰবাদী কার্যকলাপত জড়িত আছিল ৷
ভাটে বহু বছৰ ধৰি টি আৰ এফৰ কৰ্মী হিচাপে কাম কৰি কামাণ্ডাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ৷ তেওঁ যুৱক-যুৱতীসকলক দেশৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল’বলৈ প্ৰৰোচিত কৰিছিল ৷ পুলৱামাৰ কাকাপোৰা বেল্টত লস্কৰ-ই-তৈবা-টি আৰ এফ শক্তিশালী কৰাত ভাটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ পুলৱামাত কাশ্মীৰী পণ্ডিত, প্ৰব্ৰজিত শ্ৰমিক আৰু ৰাজনৈতিক কৰ্মীক হত্যা কৰাৰ লগতে ভয় ভাবুকিৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ৷
চলিত বৰ্ষৰ ১৩ মে’ত পুলৱামাৰ গাদৌৰাত থকা বাসগৃহত জম্মুৰ আৰক্ষী জোৱান ৰিয়াজ আহমেদ থোকাৰৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল মুখতাৰ ভাট। পুলৱামা চহৰৰ উগেৰগুণ্ডত দুজন প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰতো আক্ৰমণ চলাইছিল ভাটে ৷