ট্ৰেকিং যদিও এক অতি দুঃসাহসিক কাৰ্য তথাপি ই যথেষ্ট আনন্দদায়ক আৰু ইয়াৰ পৰা বহু নতুন অভিজ্ঞতাও বুটলিব পাৰি।আমাৰ দেশ ভাৰতবৰ্ষতো ডাঙৰ ধুনীয়া পৰ্বত বা ট্ৰেকিঙৰ বাবে ঠাইৰ কোনো অভাৱ নাই ৷ সেয়েহে দেশ বা বিদেশৰ বহুলোক ইয়ালৈ ট্ৰেকিঙৰ বাবে আহে।
ভ্ৰমণ কৰি ভালপোৱা বহুলোকে ট্ৰেকিং কৰি আনন্দ লাভ কৰে । অৱশ্যে এনে বহুতো মানুহ আছে যিয়ে প্ৰকৃতিক ভাল পাই আৰু অতি নিবিড়ভাৱে প্ৰাকৃতিক শোভা উপভোগ কৰিবলৈ বিচাৰে আৰু সেইকাৰণেই তেওঁলোক পৰ্বতলৈ যাব বিচাৰে আৰু প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে নতুন কথাবোৰ অন্বেষণ কৰিবলৈ বিচাৰে।
ভাৰতবৰ্ষৰ তেনে কেইটামান শ্ৰেষ্ঠ ট্ৰেকিং পইণ্টৰ বিষয়ে জানোচোন আহক-
গোমুখ তাপোবন ট্ৰেক: উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত অৱস্থিত গোমুখ তাপোবন ট্ৰেক হৈছে এনে এক ট্ৰেকিং স্থান য’ত বিশাল শিৱলিংগৰ লগতে পৰ্বতৰ শৃংগ চাবলৈ সুযোগ পাই ট্ৰেকাৰসকলে । লগতে তেওঁলোকে উপভোগ কৰিব পাৰে হিমালয়ৰ পৰ্বতমালাৰ অপৰূপ সৌন্দৰ্য্য ৷
কিন্নৰ কৈলাশ ট্ৰেক: ভাৰত আৰু তিব্বতৰ সীমাত বিয়পি থকা এই কিন্নৰ কৈলাশ ট্ৰেকত ট্ৰেকাৰসকলে কেইবা হাজাৰ বছৰৰ বৌদ্ধ সংস্কৃতিৰ বিষয়ে শিকিবলৈ আৰু বুজিবলৈ সুযোগ লাভ কৰে ৷ যি তেওঁলোকৰ বাবে হৈ পৰিব পাৰে জীৱনৰ এক অভূতপূৰ্ব অভিজ্ঞতা ।
ভেলী অফ ফ্লাৱাৰ্ছ ট্ৰেক: বিশ্ব ঐতিহ্যৰ অন্তৰ্ভুক্ত উত্তৰাখণ্ডৰ এই ‘ভেলী অফ ফ্লাৱাৰ্ছ ট্ৰেক’ । সেয়েহে দূৰ-দূৰণিৰ লোকসকল ইয়ালৈ ট্ৰেকিং কৰিবলৈ আহে য’ত তেওঁলোকে নিচেই ওচৰৰ পৰা প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰাৰ সুযোগ পায়।
কাশ্মীৰ গ্ৰেট লেকচ ট্ৰেক: পৃথিৱীৰ ভূ-স্বৰ্গ কাশ্মীৰ, যি নিজেই এক সুন্দৰ পৰ্যটন স্থল আৰু মানুহে ইয়াত থকা লেকট্ৰেকক পৃথিৱীৰ এক স্বৰ্গীয় অভিজ্ঞতা বুলিও অভিহিত কৰে । কাশ্মীৰ গ্ৰেট লেকচ ট্ৰেকত ট্ৰেকাৰ সকলে উপভোগ কৰে অতি মনোমোহা বৰফৰে আবৃত পৰ্বত আৰু সেউজীয়া উপতক্যাৰ অপৰূপ দৃশ্য ।
ব্যাস কুণ্ড ট্ৰেক: মানালীত অৱস্থিত ব্যাস কুণ্ড ট্ৰেকক ইয়াত আটাইতকৈ বিখ্যাত আৰু দৰ্শনীয় ট্ৰেকিং পথ হিচাপে গণ্য কৰা হয়। এই পথচোৱাত হ্ৰদটোৰ ভিতৰত আৰু ইয়াৰ চাৰিওফালৰ বহুতো আকৰ্ষণীয় দৃশ্য ট্ৰেকাৰসকলে উপভোগ কৰে যাক হয়তো কোনো প্ৰকৃতিপ্ৰেমী বা ভ্ৰমণবিলাসী লোকেই কেতিয়াও পাহৰিব নোৱাৰে।