টোলকৰ আহৰণ কৰাৰ যুক্তিসংগতা আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে সংঘটিত দুৰ্ঘটনাৰ লগতে গতিৰ তীব্ৰতা সম্পৰ্কীয় ফাইনৰ বিষয়ে অসমৰ ৰাইজ উত্তেজিত হৈ থকাৰ মূহূৰ্ততে জনসাধাৰণৰ পৰা কৰ সংগ্ৰহ কৰাৰ উদ্দেশ্যে নামনি অসমৰ বজালীৰ নিকটৱৰ্তী গালিয়াত পুনৰ নিৰ্মাণ কৰা হৈছে এখন টোলগেট।
ক’ভিড সৃষ্ট পৰিবেশৰ মাজতে নিৰ্মান হৈ থকা এই টোলগেটখন এমাহৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব বুলি জানিব পৰা গৈছে। এই টোলগেটখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে নামনি অসমৰ পৰা গুৱাহাটী অভিমুখে অহা যান বাহন সমূহে দুবাৰকৈ টোল দিবলগীয়া হ’ব।
এই পৰিপ্ৰেক্ষিতত টোলগেটখন নিৰ্মাণৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। ক্ষীপ্ৰ গতিৰে নিৰ্মাণ কাৰ্য চলি থকা টোল গেটখনৰ বিৰুদ্ধে ক্ষোভ উজাৰি বিভিন্ন দল সংগঠনে পৰৱৰ্তী সময়ত আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ কথা ঘোষণা কৰিছে।
উল্লেখযোগ্য যে বৰপেটা জিলাৰ হাউলিৰ পৰা নাথকুছি লৈকে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ তথা মেৰামতিৰ কাম ‘কে এম সি’ নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোক অৰ্পণ কৰা হৈছিল যদিও আজি ১৬ বছৰে প্ৰতিষ্ঠানটোৱে নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে। যাৰ ফলশ্ৰুতিত সঘনাই এই পথছোৱাত দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে।পৰৱৰ্তী সময়ত উক্ত প্ৰতিষ্ঠান টোৰ পৰা দায়িত্ব কর্তন কৰি আন এটা প্ৰতিষ্ঠানক নিৰ্মাণ কাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
কিন্তু ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ দুৰৱস্থা তথা চাৰ্ভিছ ৰোড সমূহৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱা কৈ টোলগেটখনৰ নিৰ্মাণ কিমান দূৰ যুক্তিসংগত সেই লৈ একাংশই প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ সমান্তৰালভাৱে বিভিন্ন মহলে এই টোল গেটখন নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰিছে।