টকাৰ লোভত এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ হত্যাকাৰীক ৰক্ষণাবেক্ষণ দি খাকী পোচাকত দাগ লগোৱা ধূলা আৰক্ষী থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চমুকৈ অ’চি উৎপল বৰাক চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে ৷ কিশোৰী গৰাকী হত্যাকাৰীৰ পৰা ৫ লাখ টকা লোৱা বুলি তথ্য প্ৰমাণ লাভ কৰাৰ পাছতে চিআইডিয়ে মঙলবাৰে বৰাক গ্ৰেপ্তাৰ কৰে ৷ ইপিনে আজি চিআইডিয়ে মঙলদৈত থকা বৰাৰ ভাড়াঘৰত অভিযান চলায় ৷ সমান্তৰালভাৱে ঘোচখোৰ আৰক্ষী বিষয়াজনৰ শহুৰেকৰ বাসগৃহতো তদন্তকাৰী সংস্থাটোৱে আজি তালাচী চলায় ৷
উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ নির্দেশৰ ভিত্তিত চিআইডিয়ে গোচৰটোৰ তদন্ত চলাইছিল ৷ ইতিমধ্যে কিশোৰী হত্যাকাৰী কৃষ্ণকমল বৰুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে চার্জশ্বীট দাখিল কৰিছে। ইয়াৰ পাছতে হত্যাকাৰীক সুৰক্ষা প্ৰদান কৰা ধুলাৰ তদনান্তীন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাই উৎকোচ লোৱা তদন্ত আগবঢ়াই নিয়ে চিআইডিয়ে ৷ । উল্লেখযোগ্য যে আৰক্ষীয়ে এই নৃশংস হত্যাকাণ্ডৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে তদন্তৰ নির্দেশ দিছিল ৷ কিশোৰীগৰাকীৰ ঘৰত তেওঁ উপস্থিত হৈ তদন্তৰ দায়িত্ব চিআইডিক অর্পণ কৰিছিল। সেইমৰ্মে থানাত ৰুজু হোৱা কিশোৰী হত্যাৰ গোচৰ চিআইডিলৈ স্থানান্তৰ কৰা হয়। চিআইডিয়ে ২০/২০২২ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ৷
তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি এছছবিৰ চাকৰিয়াল কৃষ্ণকমল বৰুৱা নামৰ লোকজনে বনকৰা কিশোৰীগৰাকীক নির্যাতন চলাই নৃশংসভাবে হত্যা কৰিছিল। ইয়াৰ পাছতে মৃতদেহটো ওলমাই থৈ এই ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল ৷ ধূলা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক মেনেজ কৰিছিল হত্যাকাৰীয়ে সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিল ৷ ।টকাৰ লোভত এনে গুৰুতৰ অপৰাধৰ ঘটনাৰ উচিত তদন্ত নকৰি আৰক্ষী বিষয়াগৰাকীয়ে বিষয়টো থাপি থুপি থৈছিল। আনকি গ্রেপ্তাৰো কৰা নাছিল অভিযুক্ত কৃষ্ণকমল বৰুৱা আৰু তেওঁৰ সহযোগীক।
চি আই ডিয়ে গোচৰটো পঞ্জীয়ন কৰাৰ পিচত তেৰ বছৰীয়া কিশোৰীগৰাকীৰ মৃতদেহ পুনৰ খান্দি উলিয়াই দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। ফৰেনছিক বিশেষজ্ঞ, ডি এন এ বিশেষজ্ঞৰ সহায়ত চি আই ডিয়ে এই গোচৰৰ তদন্তত বহু সফলতা লাভ কৰে। হত্যাৰ বলি হোৱা কিশোৰীগৰাকীৰ পোছাকত হত্যাকাৰীৰ ডি এন এ চিনাক্ত হয়। ইয়াৰ পিচতে চি আই ডিয়ে হত্যাকাৰী কৃষ্ণকমল বৰুৱাৰ বিৰুদ্ধে বিতং অভিযোগনামা যোৱা ২৫ ছেপ্টেম্বৰত দাখিল কৰে।
চি আই ডিয়ে ইয়াৰ সমান্তৰালভাৱে হত্যাকাৰীয়ে ধূলা থানাৰ নিলম্বিত অ’ চি উৎপল বৰাক কিদৰে মেনেজ কৰিছিল, টকা আদায় দিছিল, সেই দিশটোৰো তদন্ত চলাইছিল। এই তদস্তুত চি আই ডিয়ে হত্যাকাৰী, অভিযুক্ত আৰক্ষী বিষয়া উৎপল বৰাৰ ম’বাইল ফোনৰ কল লিষ্ট বিশ্লেষণ কৰাৰ উপৰি অন্যান্য মাধ্যমৰ জৰিয়তে দুয়োজনৰে মাজত ধনৰ লেনদেন হোৱাৰ প্ৰমাণ লাভ কৰে। সেইমৰ্মে অভিযুক্ত আৰক্ষী বিষয়াজনক চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত আৰক্ষী বিষয়া উৎপল বৰাক আদালতে মঙলবাৰে ৭ দিনৰ বাবে চি আই ডিৰ জিম্মাত দিছে।
কিশোৰী হত্যাৰ দৰে এনে এটা স্পৰ্শকাতৰ বিষয়ৰ তদন্তৰ ক্ষেত্ৰত কাৰ্যবাহী দণ্ডাধীশ তথা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকেও গাফিলতি কৰাৰ অভিযোগ উঠিছে। কার্যবাহী দণ্ডাধীশে মৃতদেহ ‘ইনকুৱেষ্ট’ কৰাৰ ক্ষেত্ৰত গাফিলতি কৰাৰ লগতে চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো ক্ৰটি ৰখা বুলি জনা গৈছে। পৰৱৰ্তী সময়ত চি আই ডিৰ তদস্তুত এই সকলো দিশ সাঙোৰ খোৱাৰ সম্ভাৱনা আছে।