দেশৰ দুটাকৈ আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানে ৩ নৱেম্বৰ অৰ্থাৎ আজি শ্বেয়াৰ বজাৰত আইপিঅ’ৰ জৰিয়তে প্ৰৱেশ লাভ কৰিবলৈ অগ্ৰসৰ হৈছে। আজি মুক্তি লাভ কৰিব দুই ব্যৱসায়িক প্ৰতিষ্ঠান গ্লোবেল হেল্থ আৰু বিকাজি ফুডছৰ আইপিঅ’ই ৷
উল্লেখযোগ্য যে গ্লোবেল হেল্থ লিমিটেডে মেদন্ত ব্ৰেণ্ডৰ অধীনত তেওঁলোকৰ চিকিৎসালয় পৰিচালনা কৰে ৷ আনহাতে বিকাজী হৈছে দেশৰ আগশাৰীৰ এফএমচিজি (ভুজিয়া আৰু নমকিন) ব্ৰেণ্ড। বিনিয়োগকাৰীসকল ৩ৰ পৰা ৭ নৱেম্বৰৰ ভিতৰত এই দুয়োটা কোম্পানীৰ আইপিঅ’ত ধন বিনিয়োগ কৰিবলৈ সক্ষম হ’ব। ।
বিকাজী ফুডছৰ আইপিঅ’ৰ প্ৰতি শ্বেয়াৰত ২৮৫ ৰ পৰা ৩০০ টকাৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিষ্ঠানটোৱে এটা আইপিঅ’ৰ জৰিয়তে ৯০০ কোটি টকা সংগ্ৰহ কৰিবলৈ সাজু হৈছে। এই আইপিঅ’ৰ অধীনত প্ৰতিষ্ঠানটোৰ ২.৯৪কোটি শ্বেয়াৰ বিক্ৰী কৰা হ’ব। কোম্পানীটোৰ শ্বেয়াৰসমূহ ১৬ নৱেম্বৰত বজাৰত তালিকাভুক্ত হোৱাৰ সম্ভাৱনা আছে। বিনিয়োগকাৰীসকলক ১১ নৱেম্বৰ তাৰিখে শ্বেয়াৰ আৱণ্টন কৰিব পাৰিব ।
মেদান্ত ব্ৰেণ্ডৰ অধীনত চিকিৎসালয়সমূহ পৰিচালনা কৰা গ্লোবেল হেল্থ লিমিটেডে ইয়াৰ ২২০৬ কোটি টকাৰ আইপিঅ’ৰ বাবে প্ৰতি শ্বেয়াৰত ৩১৯-৩৩৬ টকাৰ মূল্য নিৰ্ধাৰণ কৰিছে। কোম্পানীটোৰ প্ৰাৰম্ভিক শ্বেয়াৰ বিক্ৰী কৰা হ’ব ৩ ৰ পৰা ৭ নৱেম্বৰৰ ভিতৰত । লগতে আইপিঅ’ৰ জৰিয়তে ৫০০ কোটি টকাৰ নতুন শ্বেয়াৰ জাৰী কৰা হৈছে। ইয়াৰ উপৰিও ৫.০৮কোটি শ্বেয়াৰৰ বিক্ৰী অফাৰ চাৰিটা বিক্ৰীৰ জৰিয়তে কৰা হ’ব। কোম্পানীটোৰ শ্বেয়াৰবোৰ ১৬ নৱেম্বৰ তাৰিখে শ্বেয়াৰ বজাৰত তালিকাভুক্ত কৰা হ’ব ।