ভাৰতবৰ্ষৰ এখন অন্যতম ৰাজ্য গুজৰাট যাৰ সংস্কৃতি আৰু ৰাজকীয় পৰম্পৰাই আকৰ্ষিত কৰি আহিছে দেশ-বিদেশৰ পৰ্যটক সকলক ৷ অৱশ্যে বৰ্তমানৰ জলবায়ু গুজৰাট ভ্ৰমণৰ বাবে অতি উপযুক্ত ।কাৰণ এই সময়ছোৱাত গুজৰাটৰ তাপমাত্ৰা ১২ ৰ পৰা ২৯ ডিগ্ৰী লৈকে থাকে, সেয়েহে নৱেম্বৰত গুজৰাট ভ্ৰমণ হয় বছৰৰ আন সময়ৰ তুলনাত কিছু আৰামদায়ক ৷
এই ৰাজ্যখনৰ কচ্ছত থকা মাণ্ডৱী বীচ ইয়াৰ এক আকৰ্ষণীয় পৰ্যটনস্থলী। দূৰদূৰণিৰ পৰা বহু পৰ্য্যটক গুজৰাটৰ এই সমুদ্ৰতীৰ ভ্ৰমণ কৰিবলৈ আহে। ইয়াৰ অস্তমিত সূৰ্য্যৰ শোভাই সকলোৰে মন আকৰ্ষিত কৰে।
আনহাতে দ্বাৰকা এনে এখন আকৰ্ষণীয় ঠাই যি ঠাইলৈ পৰিয়ালৰ সৈতে বিনাসংকোচে যাব পাৰে আপুনি ৷ ভগৱান শ্ৰীকৃষ্ণৰ দেশ বুলি জনাজাত এই দ্বাৰকাৰ মন্দিৰ আৰু ঐতিহাসিক স্থানবোৰে অতি আৱেগিক কৰি তুলিব পাৰে আপোনাকো ।
বড়োদৰা হৈছে গুজৰাটৰ মেট্ৰোপলিটান চিটি । অৰ্থশাস্ত্ৰ দৰ্শন কৰিবলৈ বিচাৰিলে নিশ্চিতভাৱে এই ঠাইখনলৈ যাব পাৰে সকলো । লগতে ইয়াত থকা বাগিচা, মন্দিৰ আৰু সংগ্ৰহালয়বোৰো শীতকালৰ সৰ্বশ্ৰেষ্ঠ পৰ্যটন স্থল।
যদি কোনো লোকে বগা মৰুভূমিত ফুৰিবলৈ বিচাৰে, তেন্তে এই ঠাইখন হ’ব সেই সৰ্বশ্ৰেষ্ঠ ঠাই । যি ঠাইত প্ৰচুৰ পৰিমাণে নিমখ দেখিবলৈ পোৱা যায়। এই অঞ্চলৰ ‘ ৰণ উৎসৱ’ যথেষ্ট বিখ্যাত উৎসৱ । এই ঠাইখনত আছে ৰাষ্ট্ৰীয় উদ্যান, প্ৰাসাদ, সংগ্ৰহালয় আৰু হ্ৰদ যি সদায়েই পৰ্য্যটক সকলক আকৰ্ষিত কৰে ।