পুৱতি নিশা ৰংজুলিত সংঘটিত হয় ভয়ঙ্কৰ পথ দুৰ্ঘটনা ।ৰংজুলি চিকিৎসালয়ৰ সমীপৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটী অভিমুখী ট্ৰাক আৰু গোৱালপাৰা অভিমুখী মেক্সিমো বাহনৰ মাজত মুখা-মুখী সংঘৰ্ষ হয় ।সংঘৰ্ষত কন্টেইনাৰ ট্ৰাক খনে মেক্সিমো বাহন খনক চেপি ধৰে ফলত থিতাতে নিহত হয় মেক্সিমোৰ চালক। গুৰুতৰ ভাবে আহত মেক্সিমোৰ আৰোহী। দুয়োকে প্ৰায় তিনি ঘণ্টাৰ পিছত হে ক্ৰণেৰে উদ্ধাৰ কৰিব লৈ সক্ষম হয় ।নিহত জন বৰপেটা বহৰিৰ ৰহিম খান বুলি জানিব পৰা গৈছে। আনহাতে আহত জন বকো কালাতুলীৰ ৰহিচ আলি। ৰহিচ আলীক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাত পতিত ট্ৰাক খনৰ নম্বৰ TN-52-L-4487 আৰু মেক্সিমোৰ নম্বৰ AS-13-C-6854.