দিল্লীৰ বায়ু প্ৰদূষণৰ অধিক ভয়াৱহ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত কাইলৈৰ পৰা দিল্লীৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ থাকিব বুলি আজি ঘোষণা কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। চিষ্টেম অৱ এয়াৰ কোৱালিটি এণ্ড ৱেদাৰ ফ’ৰকাষ্টিং এণ্ড ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য অনুসৰি শুকুৰবাৰেও একেৰাহে দ্বিতীয় দিনৰ বাবে দিল্লীৰ বায়ুৰ গুণাগুণ সূচাংক অৱনমিত হৈ থাকিব ৷
পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সৈতে এখন সংবাদমেলত কেজৰিৱালে কয় যে কাইলৈৰ পৰা প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ থাকিব আৰু পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ বাবে বিদ্যালয় বর্হিভুত কাম-কাজ বন্ধ থাকিব ৷
ইফালে পঞ্জাৱত খেতিৰ অৱশিষ্টৰ জুইৰ পৰা নির্গত হোৱা ধোঁৱাৰ বাবে হোৱা বায়ু প্ৰদফূষণৰ সম্পূৰ্ণ দায়িত্ব বহন কৰি কেজৰিৱালে কয় –“ পঞ্জাৱত আমাৰ চৰকাৰ গঠনৰ মাত্ৰ ছমাহ হৈছে ৷ আমি ইয়াক নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ লৈছো। অহা বছৰৰ ভিতৰত খেতপথাৰৰ অৱশিষ্ট জ্বলোৱা প্ৰক্ৰিয়া হ্ৰাস কৰা হ’ব ৷ “
আম আদমি পাৰ্টিৰ আহ্বায়ক গৰাকীয়ে পুনৰ কয় যে কেন্দ্ৰীয় চৰকাৰে বায়ু প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ যৌথ আঁচনি গ্ৰহণ কৰিব লাগিব ৷ সংবাদমেলত তেওঁ কয় যে কেজৰিৱাল চৰকাৰ কেৱল বায়ুৰ গুণাগুণ অৱনতি ঘটাৰ বাবে দায়ী নহয়।
ইফালে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভাগৱন্ত মানে কয় “পঞ্জাৱত আমি মাত্ৰ ৬ মাহহে সময় পাইছো । প্ৰথম কেইমাহমান আইন-শৃংখলা নিয়ন্ত্ৰণ কৰিবলৈ অধিক গুৰুত্ব আৰোপ কৰা হৈছে ৷ অনুগ্ৰহ কৰি আমাক এই সমস্যা সমাধানৰ বাবে আৰু এবছৰ সময় দিয়ক।”