গভীৰ টোপনি গৈ থকা অৱস্থাত কেতিয়াবা জপিয়াই উঠা যায় বা কেতিয়াবা পৰি যোৱা যেন লাগে আৰু লগে লগে আমাৰ টোপনি ভাঙি যায়। আমি ধুনীয়াকৈ টোপনি গৈ আছো কিন্তু হঠাতে ভৰি খন গাঁত এটাত সোমাই গৈ পৰি যোৱা যেন লাগি আমি সাৰ পাই যাওঁ বা কেতিয়াবা বিছনাৰ পৰা তলত পৰি যোৱা যেন লাগে। হঠাৎ এইদৰে চক খাই উঠা বা পৰি যোৱাৰ দৰে লগাক চিকিৎসা শাস্ত্ৰত ‘হিপনিক জাৰ্ক’ বুলি কয়। বহুতে বিনাইন মায়োক্লোনিক জাৰ্ক স্নিপ সুইচ বুলিও কয়। মুঠতে টোপনি যেতিয়া পাতল হৈ থাকে তেতিয়া সপোন দেখিবলৈ আৰম্ভ হয়।
কিন্তু মগজুৰ সেৰিব্ৰাম কৰ্টেক্স অংশটিয়ে কেতিয়াবা তৎক্ষণাৎ বুজি নোপোৱাৰ ফলত মগজুৰ পৰিবহণৰ খেলিমেলি হৈ যায়। মগজুৰ স্নায়ু সংবেদ পৰিবহণ কাৰী পদাৰ্থ বা নিউৰোট্ৰান্সমিটাৰৰ স্থিতিশীলতা নষ্ট হ’লেও হিপনিক জাৰ্ক হৈ থাকে।
কিছুমানৰ মতে , বিশেষ কিছুমান ৰাসায়নিকৰ পৰিমাণ বৃদ্ধি পালেও শৰীৰ জিকাৰ মাৰি উঠে মগজুৱে সেইটো ধৰিব নোৱাৰি তৎক্ষণাত জগাই দিয়াৰ চেষ্টা কৰে আৰু তাৰ ফলত ‘হিপনিক জাৰ্ক’ দেখা দিব পাৰে।