আজি ‘সুধাকণ্ঠ’ ডঃ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে এগৰাকী গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক, সাংবাদিক, চিত্ৰকৰ, চলচ্চিত্ৰ পৰিচালক, ৰাজনীতিক তথা শিক্ষক । ১৯৪৬ চনত তেওঁ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰি ১৯৫২ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লয় । তেওঁ কিছুদিন গুৱাহাটীৰ বি বৰুৱা কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল । ১৯৪৮ চনত তেওঁ গুৱাহাটী-শ্বিলং অনাতাঁৰ কেন্দ্ৰৰ গুৱাহাটী শাখাত অনুষ্ঠান কাৰ্যবাহী হিচাপে যোগদান কৰে । ১৯৬৭-৭২ চনৰ অসম বিধানসভাত তেওঁ নাওবৈচা সমষ্টিৰ প্ৰতিনিধি হিচাপে বিধায়ক নিৰ্বাচিত হয় । সৰুৰে পৰাই তেওঁৰ সংগীতৰ প্ৰতি ধাউতি আছিল । এঘাৰ বছৰ বয়সতে তেওঁ জীৱনৰ প্ৰথমটো গীত ‘কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান’ ৰচনা কৰিছিল । ১৯৩৯ চনত অনাতাঁৰ কেন্দ্র যোগে তেওঁৰ প্ৰথমটো গীত প্ৰচাৰিত হয় । তেওঁ অসমীয়া, বাংলা, হিন্দী আদি ভাষাত গীত লিখি সুৰ দি নিজে গাইছিল আৰু আনকো গোৱাইছিল । তেওঁ চামেলি মেমচাব, এক পল, ৰুদালি, গজগামিনী আদি চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল । তদুপৰি এৰা বাটৰ সুৰ, লটিঘটি, চিকমিক বিজুলী আদি কেইবাখনো চলচ্চিত্ৰ পৰিচালনা কৰিছিল । আনহাতে তেওঁ নিউ ইণ্ডিয়া, গতি, বিন্দু, আমাৰ প্ৰতিনিধি, প্ৰতিধ্বনি আদি আলোচনী সম্পাদনা কৰিছিল । জিলিকাব লুইতৰে পাৰ, সুন্দৰৰ ন দিগন্ত, সুন্দৰৰ সৰু বৰ আলিয়েদি আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । ২০০৮ চনত অসম সাহিত্য সভাই তেওঁক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে । তেওঁ পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষণ সন্মানো লাভ কৰে । ১৯৮৭ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা আৰু শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে । ১৯৯৩ চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰে । একেটা বৰ্ষতে তেওঁ দাদা চাহেব ফাল্কে বঁটা লাভ কৰে । ২০০৯ চনত অসম চৰকাৰে অসম ৰত্ন বঁটা প্ৰদান কৰে । তেওঁ আছিল সংগীত নাটক একাডেমীৰ অধ্যক্ষ পদ লাভ কৰা প্ৰথমগৰাকী অসমীয়া । তেওঁৰ কাৰ্যকালতে সত্ৰীয়া নৃত্যই ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ মৰ্যাদা লাভ কৰে । ২০১১ চনৰ আজিৰ দিনটোতে মুম্বাইত তেওঁৰ দেহাৱসান ঘটে । ২০১৯ চনত ভাৰত চৰকাৰে তেওঁক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে । এইগৰাকী বৰেণ্যলৈ আমাৰ প্ৰণাম ।
আজি গুৰুজী আদ্য শৰ্মাৰ ওপজা দিন । ১৯২৯ চনৰ আজিৰ দিনটোতে নলবাৰী জিলাৰ মাখিবাহাত তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী নিপুণ চিত্ৰশিল্পী আছিল । ১৯৫৪ চনতেই তেওঁ চিত্ৰাংকন শিক্ষাৰ প্ৰতিষ্ঠান নলবাৰী আৰ্ট স্কুল স্থাপন কৰে । অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰৰ কলা-নিৰ্দেশক হিচাপেও তেওঁৰ বিশেষ খ্যাতি আছে । কহিনুৰ থিয়েটাৰৰ মঞ্চত কাৰিকৰী কৌশলেৰে টাইটানিক জাহাজৰ উপস্থাপন তেওঁৰ এক অনন্য কৃতি । তেওঁক অসম চৰকাৰে বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে । তেওঁ প্ৰণৱ বৰুৱা শিল্পী বঁটাও লাভ কৰে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ তথা নাট্যকাৰ মুনীন বৰুৱাৰ ওপজা দিন । ১৯৪৭ চনৰ আজিৰ দিনটোতে গোলাঘাট জিলাৰ খুমটাইত তেওঁৰ জন্ম হয় । বোৱাৰী, ঘৰ-সংসাৰ, সোণমইনা আদি চলচ্চিত্ৰৰ চিত্ৰনাট্য ৰচনাৰে চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰি তেওঁ ১৯৮৭ চনত নিপন গোস্বামীৰে সৈতে যুটীয়াভাৱে প্ৰতিমা চলচ্চিত্ৰখন পৰিচালনা কৰি পৰিচালক হিচাপেও আত্মপ্ৰকাশ কৰে । হিয়া দিয়া নিয়া, নায়ক, দাগ আদি জনপ্ৰিয় চলচ্চিত্ৰ তেওঁ পৰিচালনা কৰিছিল । তেওঁক সকলোৱে ভাইমনদা বুলি মাতিছিল । তেওঁ প্ৰায় ৯০খন নাটক ৰচনা কৰিছিল । ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত এইবোৰ একোখন মঞ্চসফল নাট আছিল । পাপু নিকু সংবাদ তেওঁৰ দ্বাৰা পৰিচালিত এখন জনপ্ৰিয় দূৰদৰ্শন ধাৰাবাহিক । নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালকগৰাকীলৈ আমাৰ প্ৰণাম ।