তামিলনাডুত প্ৰস্তাৱিত ৰেলী এদিন পূবৰে বাতিল কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছে ৷ মাদ্ৰাছ উচ্চ ন্যায়ালয়ে ৰাজপথৰ পৰিৱর্তে খেলপথাৰ অথবা ষ্টেডিয়ামত এই ৰেলী উলিয়াবলৈ অনুমতি দিয়াক কেন্দ্ৰ কৰি অসন্তুষ্ট হৈ আৰ এছ এছে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এক বিবৃতিত সোঁপন্থী হিন্দু সংগঠনটোৱে কয় যে এই নিৰ্দেশ গ্ৰহণযোগ্য নহয় আৰু তেওঁলোকে ইয়াৰ বিৰুদ্ধে আবেদন কৰিব।
কালি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ৬ নৱেম্বৰত সমগ্ৰ তামিলনাডুৰ ৪৪টা ঠাইত আৰ এছ এছক চৰ্তসাপেক্ষ ৰেলীৰ অনুমতি দিছিল।ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে সোঁপন্থী সংগঠনটোৱে বিচৰা ৫০টা স্থানৰ ভিতৰত মাত্ৰ তিনিটা ঠাইতহে এই পদযাত্ৰাৰ অনুমতি দিছিল ৷ আৰ এছ এছক শান্তিপূৰ্ণভাৱে এই পদযাত্ৰা অনুষ্ঠিত কৰিবলৈ নির্দেশ দিছে ৷
আৰ এছ এছৰ এক বিবৃতিত কয় যে কাশ্মীৰ, পশ্চিম বংগ, কেৰালা & অন্যান্য ঠাইত মুকলি ঠাইত ৰেলী কৰা হয়। আমি ৬ নৱেম্বৰত তামিলনাডুত পদযাত্ৰা অনুষ্ঠিত নকৰে ৷ ইয়াৰ বিৰুদ্ধে আৱেদন কৰা হ’ব ৷
চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কইম্বাটুৰ, পোলাচি, নাগাৰকইলকে ধৰি ছটা সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ স্থানত এই পদযাত্ৰাৰ অনুমতিও অস্বীকাৰ কৰিছিল আদালতে। চোৰাংচোৱা সংস্থাৰ প্রতিবেদনত কোনো আপত্তি কৰিবলগীয়া ভিত্তি নাই বুলি উল্লেখ কৰি আদালতে বিজেপিৰ অভিভাৱক আৰ এছ এছক দুমাহৰ পাছত আন ছয় স্থানতো এই পদযাত্ৰাৰ অনুমতি বিচাৰিবলৈ সন্মতি প্ৰদান কৰিছে ৷
২ অক্টোবৰত পদযাত্ৰাৰ আদালতে অনুমতি দিয়াৰ পিছতো তামিলনাডু চৰকাৰে পূৰ্বে সংস্থাটোক পদযাত্ৰা কৰিবলৈ দিয়া নাছিল ৷ যাৰ বাবে আৰ এছ এছে চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ তৰিছিল ৷ ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানে আৰক্ষী অধীক্ষক আৰু আৰক্ষী আয়ুক্তসকলক প্ৰেৰণ কৰা জাননীৰ জৰিয়তে স্থানীয় আইন-শৃংখলাৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি পদযাত্ৰাৰ অনুমতি প্ৰদান কৰিবলৈ নির্দেশ দিছে ৷