শনিবাৰে ৰাছিয়াৰ কষ্ট্ৰমা চহৰৰ এখন বাৰত সংঘটিত অগ্নিকাণ্ডত কমেও ১৫ জন লোকৰ মৃত্যু হয়।জনপ্ৰিয় বাৰখনত নিশাৰ ভাগত হোৱা এজন গ্ৰাহকে ডান্স ফ্ল’ৰত ফ্লেয়াৰ বন্দুকৰে গুলীওৱাৰ পাছতে এই অগ্নিকাণ্ডৰ সূচনা হয় ৷ কৰ্তৃপক্ষই জনোৱা মতে, স্থানীয় সময় অনুসৰি পুৱতি নিশা ২ বজাৰ পৰা অগ্নিকাণ্ড আৰম্ভ হৈছিল আৰু পুৱা প্ৰায় ৭:৩০ বজাত জুই নিৰ্বাপন কৰা হৈছিল। মস্কোৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ (১৮০ মাইল) উত্তৰ-পূবত অৱস্থিত চহৰখনত অট্টালিকাটোত জুই লগাৰ পাছত ২৫০ জন লোকক উদ্ধাৰ কৰা হৈছে ৷
এজন অগ্নিনিৰ্বাপক বাহিনীৰ লোকে আঞ্চলিক সংবাদ মাধ্যমক সদৰী কৰা অনুসৰি জুই নিৰ্বাপন কৰিবলৈ ৫০ জন লোকৰ প্ৰয়োজন হৈছিল ৷ তেওঁলোকে ২০ টা অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন ব্যৱহাৰ কৰি জুই নিবৰাপন কৰিছিল ৷ বিশেষকৈ অট্টালিকাটো ভাঙি যোৱাৰ আশংকাৰ বাবে জুই নুমুৱাবলৈ অসুবিধা হোৱা বুলিও তেওঁ কয়। প্ৰায় ২ লাখ ৩০ হাজাৰ লোকৰ ভলগা নদীৰ পাৰৰ কষ্ট্ৰমা চহৰ ৰাছিয়াৰ অন্যতম পুৰণি চহৰ আৰু মধ্যযুগীয় স্থাপত্য আৰু মঠৰ বাবে বিখ্যাত।