অপৰূপ প্ৰাকৃতিক শোভাৰে ভৰা ভাৰত এখন এনে দেশ য’ত পাহাৰীয়া ঠাইৰ পৰা আৰম্ভ কৰি মৰুভূমি লৈকে সকলো ঠাইৰ সৌন্দৰ্য্যই মন্ত্ৰমুগ্ধ কৰি তুলিছে। শীতকালত বিশেষকৈ বৰফেৰে আবৃত্ত আকৰ্ষণীয় প্ৰাকৃতিক শোভাৰে পৰ্যটকৰ আকৰ্ষণ লাভ কৰা অন্যতম ঠাইবোৰ চাবলৈ নৱেম্বৰ মাহটোৱেই যেন এক সঠিক সময়।
১/ কাশ্মীৰ, জম্মু আৰু কাশ্মীৰ-নৱেম্বৰ মাহত কাশ্মীৰৰ উষ্ণতা প্ৰায় ১০ ডিগ্ৰী চেলছিয়াছৰ পৰা ২০ ডিগ্ৰী চেলছিয়াছলৈকে হয় আৰু কেতিয়াবা ই ০ ডিগ্ৰী চেলছিয়াছ বা তাতকৈ কম হয়। কাশ্মীৰৰ তুষাৰপাতৰ এই অভূতপূৰ্ব সৌন্দৰ্য্য অনুভৱ কৰিবলৈ গুলমাৰ্গ, সোণামাৰ্গ, পেভিলিয়ন, পহলগাম আৰু শ্ৰীনগৰ চহৰ আদিত বহু দেশী-বিদেশী লোকৰ সমাগম ঘটে ।
২) লাডাখ-নৱেম্বৰ মাহত দিন আৰু ৰাতি লাডাখৰ তাপমাত্ৰা ৬ৰ পৰা ৭ ডিগ্ৰী চেলছিয়াছ । লাডাখতো এই মাহত বৰফ পৰাৰ সম্ভাৱনাই অধিক। ছেপ্টেম্বৰৰ শেষৰ ফালে লাডাখৰ বহু স্থানত বৰফ পৰা আৰম্ভ হয় । ট্ৰেন্স হিমালয় অঞ্চলত অৱস্থিত এই স্থানে শীতকালত সৰ্বাধিক পৰ্যটকক আকৰ্ষিত কৰে।
৩/ উত্তৰাখণ্ড-উত্তৰাখণ্ড ভাৰতৰ অন্যতম প্ৰধান পৰ্যটনস্থলী। দেৱভূমিৰ নিস্তব্ধ, শান্তিপূৰ্ণ, মনোমোহা আৰু তুলনামূলক ভাৱে কম ব্যয় বহুল ঠাই হিচাপে উত্তৰাখণ্ড জনাজাত । ডেৰাডুন, আউলি, আৰু ৰাণীখেতৰ পৰা চোপতা, খিৰছু আৰু মুনছিয়াৰীলৈকে নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে এই ঠাইবোৰত মনোমোহা বতৰ আৰু বৰফ পৰাৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰি।
৪/ কুফ্ৰি, হিমাচল প্ৰদেশ- নৱেম্বৰৰ পৰা মাৰ্চলৈকে হিমাচল প্ৰদেশৰ কুৰ্ফী ভ্ৰমণ আৰু দৰ্শনৰ বাবে সৰ্বোত্তম সময় কাৰণ এই সময়ত বৰফ পৰা চৰম পৰ্যায়ত থাকে। স্কিইং, স্নোবৰ্ডিং, আইচ স্কেটিং আদি স্নোৰ কাৰ্য্যকলাপৰ বাবে ঠাইখন অন্যতম ঠাই ৷
৫) অন্ধ্ৰ প্ৰদেশৰ লম্বাছিংগী-অন্ধ্ৰ প্ৰদেশৰ লাম্বাছিংগি এনে এখন গাঁও য’ত শীতকালত উষ্ণতাo ডিগ্ৰী চেলছিয়াছতকৈ কম হয় । উজনি অঞ্চলৰ একমাত্ৰ স্থানত তুষাৰপাত হোৱাৰ অনন্য বৈশিষ্ট্যৰ সৈতে ‘অন্ধ্ৰ প্ৰদেশৰ কাশ্মীৰ’ নামেৰে পৰিচিত এই স্থান। বৰফ পৰাৰ দৃশ্য উপভোগ কৰিবলৈ আৰু বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সজীৱতা লাভ কৰিবলৈ ই এক অত্যন্ত সুন্দৰ ঠাই।