আজি বিশিষ্ট সংগীতজ্ঞ কীৰ্তিনাথ শৰ্মা বৰদলৈৰ ওপজা দিন । ১৮৭৮ চনৰ আজিৰ দিনটোতে দৰং জিলাৰ কুৰুৱাত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী প্ৰসিদ্ধ গীতিকাৰ আৰু সুৰকাৰ । অসমীয়া ভাষাত অপেৰা ৰচনা কৰা প্ৰথমগৰাকী ব্যক্তি আছিল তেওঁ । তেওঁ ৰচনা কৰা কেইখনমান অপেৰা হ’ল বাসন্তীৰ অভিষেক, লুইত কোঁৱৰ, সুৰ বিজয় আদি ।সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱাৰ অধীনত তেওঁ শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল । তেওঁ ক্লেৰিঅ’নেটৰ পৰা নাগাৰালৈকে প্ৰায় সকলো প্ৰকাৰৰ বাদ্য বজাব জানিছিল । তেওঁ কামৰূপী সংগীতৰ এক নতুন ধাৰা সৃষ্টিৰ প্ৰয়াস কৰিছিল । তেনে গৱেষণাৰেই ফচল আছিল তেওঁৰ কামৰূপীয় সংগীত আৰু সুৰ পৰিচয় নামৰ গ্ৰন্থদুখন । তেওঁ কেইবাখনো গীতি আলেখ্য লিখি উলিয়াইছিল । ১৯৪৬ চনত তেওঁ জাগৰণী নামৰ এখন গীতৰ সংকলন প্ৰকাশ কৰিছিল, য’ত প্ৰায় একুৰি জিকিৰ সন্নিৱিষ্ট হৈছিল । এসময়ত আকাশবাণীযোগে প্ৰচাৰিত ৰাইজৰ মেল অনুষ্ঠানৰ বাবে তেওঁ লিখা ‘ৰাইজ মোৰ ৰজা ঐ’ গীতটো অতি জনপ্ৰিয় হৈছিল । ইংৰাজ চৰকাৰৰ সংগীত প্ৰচাৰ বিভাগৰ সঞ্চালকৰ দায়িত্বত থকা সময়ছোৱাত তেওঁ বহুকেইগৰাকী শিল্পীক প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰিছিল । সংগীতজ্ঞগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি অসমৰ লোক-কলা আৰু লোক-সংস্কৃতিৰ অন্যতম সাধক প্ৰদীপ চলিহাৰ ওপজা দিন । ১৯১৮ চনৰ আজিৰ দিনটোতে যোৰহাটত তেওঁৰ জন্ম হয় । তেওঁ এগৰাকী আগশাৰীৰ শিল্পী তথা সাহিত্যিকো আছিল । তেওঁৰ কিছু উল্লেখযোগ্য সাহিত্যকৃতি হ’ল পুৰণি অসমৰ কাৰিকৰী শিল্প, অবিভক্ত অসমৰ জনজাতিসকলৰ জীৱন আৰু সংস্কৃতি, চাহ জনজাতীয় সংস্কৃতিৰ বিষয়ে ইত্যাদি । ১৯৯৭ চনত তেওঁ অসম চৰকাৰৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰে । ১৯৯৯ চনত তেওঁ সংগীত নাটক একাডেমী বঁটাও লাভ কৰে । সাধকগৰাকীলৈ আমাৰ প্ৰণাম ।