অর্থনৈতিকভাৱে দূর্বল শ্ৰেণী(ইডব্লিউএছ)ৰ বাবে শিক্ষানুষ্ঠান অথবা চাকৰিৰ ক্ষেত্ৰত ১০ শতাংশ সংৰক্ষণ কৰিবলৈ ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূর্বে লোৱা সিদ্ধান্ত বাহাল ৰাখিছে উচ্চতম ন্যায়ালয়ে ৷ এই সন্দর্ভত ৰুজু হোৱা এটা গোচৰত ই ডব্লিউ এছ কোটা বৈষম্যমূলক নহয় আৰু সংবিধানৰ মৌলিক গাঁথনিৰ কোনো সালসলনি নকৰে বুলি উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে ৷
মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড় নিৰ্বাচনত শাসকীয় বিজেপি দলে পৰাস্ত হোৱাৰ পিছতে ২০১৯ চনৰ জানুৱাৰী মাহত কেন্দ্ৰই ১০৩ সংখ্যক সাংবিধানিক সংশোধনীৰ জৰিয়তে এই কোটা প্ৰৱৰ্তন কৰা হৈছিল। তাংক্ষণিকভাৱে এই সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল ৷
আবেদনসমূহৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰিছিল যে ১৯৯২ চনত উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা সংৰক্ষণৰ ক্ষেত্ৰত ৫০ শতাংশ ৰাষ্ট্ৰীয় সীমা কেনেকৈ অতিক্ৰম কৰিব পাৰে আৰু ই সংবিধানৰ “মৌলিক গাঁথনি” সালসলনি কৰিব নেকি ?
গোচৰটোৰ শুনানি গ্ৰহণ কৰা পাঁচজন ন্যায়াধীশৰ মাত্ৰ এগৰাকী ন্যায়াধীশ ৰবীন্দ্ৰ ভাটে আৱেদনকাৰীৰ সৈতে একমত পোষণ কৰে ৷ কংগ্ৰেছকে ধৰি প্ৰায়বোৰ বিৰোধী দলে এই আইনৰ বিৰোধিতা কৰা নাছিল। কিন্তু দেশৰ ভিতৰতে সৰ্বাধিক সংৰক্ষণৰ ভিতৰত থকা তামিলনাডু ৰাজ্যকে ধৰি উচ্চতম ন্যায়ালয়ে ইয়াৰ বিৰুদ্ধে ৪০খন আবেদন দাখিল কৰা হৈছিল ৷
এই গোচৰসমূহ প্ৰথমে তিনিজনীয়া ন্যায়াধীশৰ সন্মুখত দাখিল কৰা হৈছিল ৷ ২০১৯ চনত পাঁচজন ন্যায়াধীশৰ বৃহৎ বিচাৰপীঠলৈ গোচৰসমূহ প্ৰেৰণ কৰিছিল।ছেপ্টেম্বৰ মাহত আদালতে গোচৰটোৰ ছয়দিন একেৰাহে ধাৰাবাহিক শুনানি অনুষ্ঠিত কৰি ৰায় সংৰক্ষণ কৰি ৰাখিছি