ভাৰতবৰ্ষ এখন পিতৃ-প্ৰধান দেশ হোৱাৰ বাবে প্ৰাচীন কালৰে পৰা বহু ক্ষেত্ৰত কম-বেছি পৰিমাণে কন্যা সন্তানকৈ পুত্ৰসন্তানৰ গুৰুত্ব যেন অলপ হ’লেও বেছি তেনে পৰিলক্ষিত হয় ৷ বহু ঠাইত কন্যা সন্তান জন্ম হোৱাৰ লগে লগেই বা জন্মৰ আগতেই ভ্ৰুণ হত্যা কৰাৰ অমানৱীয় ঘটনাই সঁচা অৰ্থত দেশখনৰ এক নিষ্ঠুৰ ছবি যেন বিশ্বৰ আগত তুলি ধৰিছিল ৷ অৱশ্যে বৰ্তমান সময়ত এই ক্ষেত্ৰত দেশত লাহে লাহে কন্যা সন্তান ৰক্ষা কৰাৰ অভিযান বৃদ্ধি পাবলৈ ধৰিছে ৷ ক্ৰমাগতভাৱে দেশখনত বৃদ্ধি পাইছে ‘বেটি বচাও অভিযান’ৰ গুৰুত্ব ।
পুনেৰ এই চিকিৎসালয়খনো তাৰেই যেন এক জ্বলন্ত উদাহৰণ য’ত কন্যা সন্তানক বচাবলৈ এনে এক অভিযান চলোৱা হৈছে যাৰ শলাগ নলৈ নোৱাৰি । এই ব্যক্তিগত চিকিৎসালয়খনত জন্ম হোৱা কন্যা সন্তানৰ জন্মৰ বাবে চিকিৎসকে নলয় কোনো মাচুল। বৰঞ্চ নৱজাত কন্যা সন্তানক অতি উষ্ম আদৰণি জনোৱা হয় পুনেৰ এইখন চিকিৎসালয়ত ।
মহাৰাষ্ট্ৰৰ হাদাপছাৰ অঞ্চলত অৱস্থিত এই চিকিৎসালয়খনৰ মালিক ডাঃ গণেশ ৰাখ। প্ৰসূতি-সহ-মাল্টিস্পেচিয়েলিটি চিকিৎসালয় পৰিচালনা কৰা ডাঃ গণেশ ৰাখে তেওঁৰ ‘বেটি বচাও জন আন্দোলনৰ পদক্ষেপ’ৰ অধীনত ‘মহিলা ভ্ৰুণ হত্যা আৰু শিশু হত্যা’ৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ চেষ্টা চলাইছে। ডাঃ ৰাখৰ মতে, যোৱা ১১ বছৰত তেওঁ ২৪০০ গৰাকী কন্যা সন্তান জন্মৰ বাবে কোনো মাচুল লোৱা নাই।
ডাঃ গণেশ ৰাখে জানিবলৈ দিয়া মতে ২০১২ চনত তেওঁ নিজৰ মেডিকেয়াৰ হাস্পতালত এই পদক্ষেপ আৰম্ভ কৰিছিল, যিটো বৰ্তমান বিভিন্ন ৰাজ্য আৰু আফ্ৰিকাৰ কিছু দেশলৈকো বিয়পি পৰিছে। ডাঃ ৰাখৰ মতে চিকিৎসালয়খনৰ প্ৰথম বছৰবোৰত ২০১২ চনৰ আগতে তেওঁৰ এনে কিছুমান অভিজ্ঞতা হৈছিল যিবোৰে তেওঁক অতি দুখী কৰি তুলিছিল। কিছুমান ঠাইত ছোৱালীজনী জন্ম হোৱাৰ সময়ত পৰিয়ালৰ লোকে তাইক চাবলৈ আহিবলৈকো অনিচ্ছুক হৈ পৰিছিল। এনে ঘটনাই তেওঁক স্তম্ভিত কৰি পেলাইছিল আৰু এই ঘটনাৰ পৰাই তেওঁ কন্যা সন্তানক বচাবলৈ আৰু লিংগ সমতাৰ সজাগতা সৃষ্টিৰ বাবে কিবা এটা কৰিবলৈ প্ৰেৰণা লাভ কৰিছিল।
ডাঃ গণেশ ৰাখে কয় যে ল’ৰা জন্ম হ’লে কিছুমান পৰিয়ালে চিকিৎসালয়লৈ আহি আনন্দেৰে বিল পৰিশোধ কৰে, কিন্তু কেঁচুৱাটো কন্যা সন্তান হ’লে উদাস হৈ পৰে তেওঁলোক। তেওঁ কয় যে সেইকাৰণেই তেওঁলোকে কন্যা সন্তানৰ জন্মৰ লগে লগে সমগ্ৰ চিকিৎসা মাচুল ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছিল আৰু পিছত এই পদক্ষেপক ‘বেটি বচাও জন আন্দোলন’ বুলি অভিহিত কৰিছিল ।