প্ৰাচীন ভাৰতৰ বৈষ্ণৱ শাস্ত্ৰ — বিষ্ণু পুৰাণ , হৰিবংশ , ভাগৱত , পুৰাণ আদিত ভগৱান শ্ৰী কৃষ্ণই বৃন্দাবনত শৰৎ কালৰ মধুৰ জোনাক ৰাতি গোপী সকলৰ সৈতে কৰা আদি ৰসাত্মক নৃত্য-গীতৰ সুন্দৰ উল্লেখ আছে। সম্ভৱত ইয়াৰ আধাৰতে পাছলৈ ভাৰতৰ প্ৰান্তে প্ৰান্তে বৈষ্ণৱ ভক্ত সকলে শ্ৰী কৃষ্ণৰ ভক্তিৰস পান কৰাৰ অৰ্থে ৰাস পূজাক লৌকিক নিয়ম অনুযায়ী পালন কৰিবলৈ ধৰিলে ৰাস উৎসৱ।
শংকৰদেৱৰ সময়ৰ পৰাই অসমত গুৰুজনাৰ সৃষ্ট নামঘৰ , সত্ৰ আদিত অতি ভক্তিৰে বৈষ্ণৱীয় ভাবধাৰাৰে শাৰদীয় কাতি-আঘোণ মাহৰ পূৰ্ণিমা তিথিত ৰাস উৎসৱটি পালন হ’বলৈ ধৰিলে।
আজিৰ দিনত ৰাস হৈছে সমগ্ৰ অসমীয়াৰ মনত আনন্দৰ জোৱাৰ অনা এটি ধৰ্মীয় লোক উৎসৱ। অসমৰ উজনি আৰু নামনিত বেলেগ বেলেগ কলা-কৌশলেৰে ৰাস উৎসৱ পালন হৈ ভক্তপ্ৰাণ ৰাইজক আনন্দ প্ৰদান কৰিবলৈ সক্ষম হৈছে।
উজনি অসমৰ ৰাস উৎসৱত মহাপুৰুষীয়া বৈষ্ণৱ নীতি -নিয়মেৰে পুৱা কৃষ্ণ গীত , নাম-প্ৰসঙ্গ আদি কৰি গুৰুজনাৰ কীৰ্তন-দশমৰ অন্তৰ্গত ৰাসক্ৰীড়াৰ ঘোষা কীৰ্তন কৰে। দুপৰীয়া ভাগৱত পাঠ আৰু নাম-কীৰ্তনৰ পিছত ৰাতিলৈ শ্ৰী কৃষ্ণৰ মহাৰাস যাত্ৰা আৰম্ভ হয়।
মধ্য-অসমৰ নগাওঁ , মৰিগাওঁ জিলাত ৰাস উৎসৱত ৰাধা -কৃষ্ণৰ যুগল মূৰ্তি স্থাপন কৰি পূজা -সেৱা কৰা হয়। কীৰ্তন-ভাগৱত পাঠ , নাম-প্ৰসঙ্গ আদি কৰাৰ লগতে ৰাতিলৈ পুৰুষে নাৰীৰ বেশত গোপী হৈ ৰাসযাত্ৰা অনুষ্ঠিত কৰে। কিছুমান অঞ্চলত ছোৱালীৰ ৰাস যাত্ৰা হোৱাও দেখা যায়।
নামনি অসমত উজনি আৰু মধ্য অসমৰ দৰে পুৰুষ আৰু ছোৱালীয়ে কৰা জীৱন্ত ৰাস দেখিবলৈ পোৱা নাযায়। কৃষ্ণলীলা বিষয়ক বিভিন্ন মূৰ্তি সাজি আকৰ্ষণীয়কৈ মণ্ডপ বোৰত সজোৱা হয়। নিৰ্দিষ্ট বেদীত ৰাধা-কৃষ্ণৰ যুগলমূৰ্তি স্থাপন কৰি পূজা – অৰ্চনাৰ জৰিয়তে গোটেই পৰিবেশ টোকেই অতি মধুৰ আৰু ভক্তি ৰসৰ সঞ্চাৰ কৰি তোলে। এই উৎসৱ স্থলী বোৰতে নিশালৈ যাত্ৰা , ভাওনা , থিয়েটাৰ আদি অনুষ্ঠিত হোৱাত সকলোৱে আনন্দত আপ্লুত হৈ থাকে।
শ্ৰী কৃষ্ণৰ ৰাস ক্ৰীড়া অতি গভীৰ আধ্যাত্মিক তত্ত্বপূৰ্ণ লীলা। একান্ত ভক্তৰ পক্ষেহে এই গভীৰ তত্ত্ব উপলদ্ধি কৰাটো সম্ভৱ। ভক্তি পথত অগ্ৰসৰ হোৱা জীৱৰ মায়াৰ আৱৰণ ভগৱানে নিজৰ কৃপা গুণে আতঁৰাই দিয়ে। শ্ৰীকৃষ্ণই গোপীসকলৰ বস্ত্ৰহৰণ লীলাৰ যোগেদি ৰাসক্ৰীড়াৰ প্ৰাক্ মুহূৰ্তত এই তত্ত্বকেই প্ৰকাশ কৰিছে।
ভগৱানৰ সান্নিধ্য পাবলৈ হ’লে সকলো কামনা-বাসনা ত্যাগ কৰি , তেওঁকেই আশ্ৰয় কৰি প্ৰেম-ভক্তি নিবেদন কৰিব লাগিব। ভগৱানৰ সান্নিধ্য লাভৰ প্ৰাচীৰ স্বৰূপ মায়াৰ কপট আৱৰণ আতঁৰি যোৱাৰ পাছত পৰমাত্মাৰ জীৱাত্মাৰ মধুৰ মিলনৰ যি ৰসময়ী আনন্দ অনুভূতি , সেই পৰম আনন্দ অনুভূতিয়েই ৰাসক্ৰীড়া।
সংসাৰৰ কামনা-বাসনাত মগ্ন হৈ থকা ভক্ত জীৱবোৰৰ হৃদয়ৰ কাম-পীড়া দূৰ কৰিবৰ কাৰণেই ভগৱানে অৱতাৰ গ্ৰহণ কৰি এই কাম ক্ৰীড়া কৰিছে।
” শৃঙ্গাৰ ৰসে আছে যাৰ ৰতি।
আক শুনি হৌক নিৰ্মল মতি।।
ইটো ৰাস ক্ৰীড়া কথা কৃষ্ণৰ।
একান্ত চিত্তে শুনৈ যিটো নৰ
কৃষ্ণত ভকতি বাঢ়িবে তাৰ।
কাম সাগৰে সুখে হৈবে পাৰ ।।”
ৰাস ক্ৰীড়াত কোনো অশ্লীলতাপূৰ্ণ দেহিক মিলনৰ আভাষ নাই। ৰাসলীলাত গোপী সকলৰ শ্ৰীকৃষ্ণৰ লগত কায়িক মিলন নহয় ; আত্মিক মিলনহে। কিয়নো , গোপী সকলোক স্বামীয়ে ঘৰতে থকা যেন অনুভৱ কৰিছিল ঠিক সেইদৰে যশোদাইও কৃষ্ণক শৰ্যাত থকাকে দেখা পাইছিল।
গতিকে ৰাসক্ৰীড়া অদৈহিক অনন্ত কেলি। পৰমাত্মাৰ লগত জীৱাত্মাৰ আনন্দময় , ৰসময় , মধুৰ মিলনেই ৰাসক্ৰীড়া।