বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপক তথা প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী এল কে আদৱানিৰ আজি ওপজা দিন ৷ গেৰুৱা দলটোৰ জ্যেষ্ঠনেতা গৰাকীয়ে আজি ভৰি থলে ৯৬ বছৰত ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দলটোৰ জ্যেষ্ঠ নেতাসকলে আজি আদৱানিক ওপজা দিনৰ ওলগ জনায় ৷
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ প্ৰবীণ নেতা গৰাকীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ তেওঁৰ ঘৰত উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। টুইটাৰত বৈঠকৰ কিছু ফটো শ্বেয়াৰ কৰি মোদীয়ে কয় যে ভাৰতৰ বিকাশৰ ক্ষেত্ৰত আদৱানীৰ অৱদান কীৰ্তিচিহ্নস্বৰূপ”।মোদীয়ে আদৱানিক ফুলৰ থোপা যাচি ওপজা দিনৰ ওলগ জনায় ৷
বিজেপিৰ সভাপতি জে পি নাড্ডাই টুইট কৰি কয় যে দেশ আৰু সংগঠনৰ প্ৰতি আদৱানিৰ উৎসৰ্গিত জীৱন তেওঁলোকৰ বাবে এক প্ৰেৰণা। গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে আদৱানীয়ে নিজৰ অদম্য প্ৰচেষ্টাৰে সমগ্ৰ দেশতে দল সংগঠনক শক্তিশালী কৰাৰ লগতে চৰকাৰৰ অংশ হৈ দেশৰ উন্নয়নত অমূল্য অৱদান আগবঢ়াইছে।
Went to Advani Ji’s residence and wished him on his birthday. His contribution to India’s growth is monumental. He is respected all across India for his vision and intellect. His role in building and strengthening the BJP is unparalleled. I pray for his long and healthy life. pic.twitter.com/Pdxy5Hko8d
— Narendra Modi (@narendramodi) November 8, 2022
অটল বিহাৰী বাজপেয়ীৰ অধীনত উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা আদৱানিক বিগত তিনিটা দশকৰ ভিতৰত বিজেপিৰ উত্থানৰ আঁৰৰ এক ডাঙৰ শক্তি হিচাপে বিবেচনা কৰা হয় ৷ লোকসভাত দুখন আসন থকা দলৰ পৰা ১৯৯০ চনৰ শেষৰ ফালে প্ৰথমে মিত্ৰজোঁটৰ চৰকাৰ গঠনলৈকে আদৱানিৰ আছিল বিশেষ অৱদান ৷
১৯৮০ চনৰ পৰাই চাই অযোধ্যাত ৰাম মন্দিৰৰ দাবীৰে তেওঁ ‘ৰথ যাত্ৰা’ উলিয়াইছিল ৷ ২০১৪ চনৰ পূৰ্বে আদৱানীক প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে দেখা গৈছিল যদিও মোডীৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে তেওঁ এফালে আঁতৰি যাবলগীয়া হৈছিল।
শিক্ষাৰ ফালৰ পৰা এজন অধিবক্তা আদৱানীয়ে বিজেপিৰ গুৰু সংস্থা আৰ এছ এছৰ আজীৱন কৰ্মী ৷ আৰ এছ এছৰ বহু কৰ্মীৰ দৰে তেওঁ অবিবাহিত হৈ থকা নাছিল। ২০১৬ চনত তেওঁৰ পত্নীৰ মৃত্যু ঘটে ৷ তেওঁৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।
১৯২৭ চনৰ ৮ নৱেম্বৰত কৰাচীত এটা সিন্ধি পৰিয়ালত জন্মগ্ৰহণ কৰা আদৱানি ১৯৪৭ চনত বিভাজনৰ পিছত বৰ্তমান মুম্বাইলৈ গুচি আহে ।ৰাজস্থানত আৰ এছ এছৰ বাবে কাম কৰা আদৱানি গুজৰাট আৰু দিল্লীৰ পৰাও নিৰ্বাচনত জয়ী হৈছিল।
১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ চৰকাৰৰ গৃহ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০০২ চনৰ পৰা ২০০৪ চনলৈ উপ-প্ৰধানমন্ত্ৰী হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৫ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ বঁটাৰে তেওঁ সন্মানিত হৈছিল।