চলিত বর্ষৰ ফৰ্বছৰ এছিয়াৰ শক্তিশালী মহিলা ব্যৱসায়ীৰ তালিকাত স্থান লাভ কৰিছে তিনিগৰাকী শীৰ্ষ ভাৰতীয় মহিলা উদ্যোগীয়ে। যথেষ্ট ৰাজহৰ সৈতে ব্যৱসায় চলোৱা আৰু সমগ্ৰ কেৰিয়াৰত শক্তিশালী নেতৃত্ব প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবে স্থান লাভ কৰা ২০ জন উদ্যোগীৰ ভিতৰত তেওঁলোকক স্থান দিয়া হৈছে ৷ষ্টীল অথৰিটি অৱ ইণ্ডিয়াৰ অধ্যক্ষ ছোমা মণ্ডল, পাৰ্চনেল কেয়াৰ ব্ৰেণ্ড মামাআৰ্থৰ সহ-প্ৰতিষ্ঠাপক গজল আলাঘ আৰু এম্কিউৰ ফাৰ্মাৰ কাৰ্যবাহী সঞ্চালক নমিতা থাপা হৈছে স্থান লাভ কৰা শীৰ্ষ ভাৰতীয় ব্যৱসায়ী ৷
ছোমা মণ্ডল
ভুৱনেশ্বৰৰ বাসিন্দা মণ্ডলে ৰৌৰকেলাৰ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে। ষ্টীল অথৰিটী অৱ ইণ্ডিয়াত যোগদান কৰি যোগদান কৰাৰ পূর্বে তেওঁ নেচনেল এলুমিনিয়াম কোম্পানীত পৰিচালক হিচাপে পদোন্নতি লাভ কৰিছিল ৷ফৰ্বছৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি ২০২১ চনত কাৰ্যভাৰ গ্ৰহণ কৰি ষ্টীল অথৰিটী অৱ ইণ্ডিয়াৰ অধ্যক্ষতা কৰা প্ৰথমগৰাকী মহিলা হিচাপে তেওঁ পৰিগণিত হয়।তেওঁৰ নেতৃত্বত তীখা নিৰ্মাণ প্ৰতিষ্ঠানটোৰ বাৰ্ষিক ৰাজহ ৫০ শতাংশ বৃদ্ধি পাই ১.০৩ ট্ৰিলিয়নতকৈ অধিক হৈছে। ৩১ মাৰ্চত সমাপ্ত হোৱা যোৱা বিত্তীয় বৰ্ষৰ লাভ ১২০ বিলিয়নলৈ বৃদ্ধি পাইছে।
নমিতা থাপাৰ
পেছাত চাৰ্টাৰ্ড একাউণ্টেণ্ট নমিতা থাপাৰ পুনেস্থিত এমকিউৰ ফাৰ্মাৰ কাৰ্যবাহী সঞ্চালিকা ৷ যাৰ ব্যৱসায়ৰ মূল্য ৭৩ কোটি ডলাৰ। ২০০৭ চনত পিতৃ সতীশ মেহতাই প্ৰতিষ্ঠা কৰা কোম্পানীটোত মুখ্য বিত্তীয় বিষয়া হিচাপে তেওঁ যোগদান কৰে।তেওঁৰ নেতৃত্বত এমকিউৰে ঘৰুৱা ৰাজহ দুগুণ কৰি ২৫ বিলিয়নলৈ বৃদ্ধি কৰিছে। তেওঁ ইউটিউবত “অনকণ্ডিচন ইউৰচেল্ফ উইথ নমিতা থাপাৰ” নামৰ এক টক শ্ব’ অনুষ্ঠিত কৰে ৷ য’ত মহিলাৰ স্বাস্থ্যৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা হয়।
গজল আলঘ
৩৪ বছৰীয়া উদ্যোগপতি গৰাকীৰ প্ৰতিষ্ঠান হোনাছা কনজিউমাৰে জনপ্ৰিয় ব্ৰেণ্ড মামাআৰ্থ পৰিচালন কৰে। ২০১৬ চনত স্বামী বৰুণ আলাঘৰ সৈতে কোম্পানীটো তেওঁ প্ৰতিষ্ঠা কৰিছিল। কোম্পানীটোৱে শেহতীয়াকৈ যোৱা বিত্তীয় বৰ্ষত অনলাইন আৰু ইন-ষ্ট’ৰ বিক্ৰীৰ জৰিয়তে ১২১ মিলিয়ন ডলাৰৰ ৰাজহেৰে দুগুণলৈ বৃদ্ধি কৰিছে।