শৰীৰ পোৰনি :- পূৰঠ কেঁচা নাৰিকলৰ পানীৰ লগত এডোখৰ গুড় মিহলাই খালে শৰীৰৰ পোৰনি নাইকিয়া হয় আৰু শৰীৰ শীতল হয়।
জ্বৰ মূৰত উঠা :- শৰীৰৰ উষ্ণতা অতি বেছি হ’লে ছাল কুঁৱৰীৰ পাতৰ বীজল উলিয়াই মূৰত প্ৰলেপ দিলে মূৰৰ উত্তাপ হ্ৰাস হয় আৰু জ্বৰ নাইকিয়া হয়।
চকুৰ পৰা পানী ওলাই থকা :- পুনৰ্নৱা পাতৰ ৰসেৰে চকু ধুলে চকুৰ পৰা পানী ওলোৱা বন্ধ হয়। তদুপৰি আমলখিৰ ৰস কাপোৰেৰে চেকি সমান পৰিমাণৰ পানী মিহলি কৰি চকু ধুলে চকুৰ পৰা পানী ওলাই থকা ৰোগ ভাল হয় ।
পেটৰ বিষ :- সৰু মানিমুনি আৰু বন জালুকৰ ৰস উলায়াই দুই চামুচমান খালেই পেটৰ বিষ নাইকিয়া হয়। নৰসিংহৰ পাতৰ ৰস বা আমলখিৰ ৰস ৩ চামুচকৈ খালেও পেটৰ বিষ কমে।
বেচু :- বৰ মানিমুনি আৰু কেঞাবনৰ গুটি বেচু হোৱা ঠাইত লগাব লাগে। ৰজনীগন্ধাৰ আলু খুন্দি ছালত লগালে ভাল হয়।