আজি অসমীয়া ভাষাৰ হিতৈষী আমেৰিকান বেপ্টিষ্ট মিছনেৰী মাইলছ ব্ৰনছনৰ স্মৃতি দিৱস । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত জন্ম লাভ কৰা মাইলছ ব্ৰনছনে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ১৮৩৮ চনৰ ৪ জুলাইত অসমৰ শদিয়ালৈ আহিছিল । ১৮৪১ চনত তেওঁ নগাঁৱলৈ ভটিয়াই গৈ এখন বিদ্যালয় স্থাপন কৰাৰ লগতে এখন অনাথ আশ্ৰম খোলে । তেওঁ বাইবেলৰ কিছুমান স্তুতি অসমীয়ালৈ অনুবাদ কৰিছিল । অসমীয়া ভাষালৈ তেওঁৰ যুগান্তকাৰী অৱদান হ’ল ‘অসমীয়া অভিধান’ । ১৮৬৭ চনত ছপা হৈ ওলোৱা অসমীয়া ভাষাৰ এইখনেই প্ৰথম ছপা অভিধান, ইয়াত ১৪,০০০ শব্দ সংকলিত হৈছিল । অসমত ইংৰাজৰ শাসন প্ৰৱৰ্তনৰ পিছতেই অসমীয়া ভাষাক এলাগী কৰাৰ প্ৰয়াস চলি থকা সময়তে সেই সময়ৰ অসমৰ শিক্ষাধিকাৰ ৰবিনছন চাহাবে অসমত বঙলা ভাষা চলোৱাৰ সপক্ষে ওকালতি কৰাত তেওঁ অকাট্য যুক্তি সহকাৰে তাৰ তীব্ৰ প্ৰতিবাদ কৰিছিল । ১৮৮৩ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মিচিগানত তেওঁৰ দেহাৱসান ঘটে । অসমীয়া ভাষাৰ হিতৈষীগৰাকীলৈ আমাৰ প্ৰণাম ।