বিনিয়োগ, জনগাঁথনিৰ সুবিধা আৰু ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি বৃদ্ধিৰ দিশত নীতিগত দৃষ্টিভংগীৰ পৰিৱৰ্তনে ২০২৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব ৷ এই পূৰ্বানুমান কৰিছে আগশাৰীৰ অর্থনৈতিক প্ৰতিষ্ঠান মৰ্গান ষ্টেনলীয়ে । তেওঁলোকে প্ৰকাশ কৰা অনুসৰি অহা ১০ বছৰত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৰ্তমানৰ ৩.৪ ট্ৰিলিয়ন ডলাৰৰ পৰা ৮.৫ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাব।
মৰ্গান ষ্টেনলিৰ মুখ্য এছিয়া অৰ্থনীতিবিদ চেতন আহিয়াই ফাইনেন্সিয়েল টাইমছত এইদৰে লিখিছে-, ‘ক্ৰমান্বয়ে ভাৰতে প্ৰতি বছৰে নিজৰ জিডিপিত ৪০০ বিলিয়ন ডলাৰতকৈ অধিক যোগ কৰিব, যিটো পৰিসংখ্যা কেৱল আমেৰিকা আৰু চীনেহে অতিক্ৰম কৰিব।“
তেওঁ সামগ্ৰী আৰু সেৱা কৰ (জিএছটি)ৰ ৰূপত কৰ সংস্কাৰ, কৰ্পৰেট কৰ হাৰ কৰ্তন, উৎপাদন-সংলগ্ন উদ্গনিমুলক আঁচনি প্ৰৱৰ্তন আদি চৰকাৰী নীতিৰ পৰিৱৰ্তনৰ উদাহৰণ হিচাপে উল্লেখ কৰে। বিশ্বৰ বিভিন্ন স্থানলৈ কোম্পানীসমূহে নিজৰ যোগান শৃংখলা বৃদ্ধি কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰাৰ সময়তে ভাৰত তেওঁলোকৰ বাবে পছন্দৰ গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিছে বুলিও তেওঁ কয়।
তেওঁ কয় “ভাৰত এনে এটা পৰ্যায়ত প্ৰৱেশ কৰিছে য’ত উচ্চ ভিত্তিত আয় দ্ৰুত হাৰত বৃদ্ধি হ’ব। প্ৰসংগ অনুসৰি ভাৰতে ১৯৯১ চনৰ পৰা নিজৰ জিডিপি ৩ ট্ৰিলিয়ন ডলাৰ বৃদ্ধি কৰিবলৈ ৩১ বছৰ সময় লৈছিল। আমাৰ অনুমান অনুসৰি ইয়াৰ বাবে আৰু মাত্ৰ সাত বছৰ সময় লাগিব। জিডিপি অতিৰিক্ত ৩ ট্ৰিলিয়ন ডলাৰ বৃদ্ধি পাব।’
উৎপাদনশীলতা বৃদ্ধিৰ পাৰ্থক্যও ভাৰতৰ অনুকূল বুলি উল্লেখ কৰি অর্থনীতিবিদ গৰাকীয়ে কয় যে অনাগত দশকত ভাৰতৰ প্ৰকৃত জিডিপি বৃদ্ধি গড়ে ৬.৫ শতাংশ হ’ব ৷ আনহাতে চীনৰ এই পৰিমাণ হ’ব গড়ে ৩.৬ শতাংশ ৷