ঘৰৰ চাৰিওফালে জেঠি ঘূৰি ফুৰা দেখা যায়। বিশেষকৈ ঘৰৰ বেৰত জেঠি বগাই ফুৰা দেখা যায়। হঠাতে গাত পৰি যায় বুলি যেনেকৈ ভয় লাগি থাকে ঠিক তেনেকৈ এই প্ৰাণীবিধে বেমাৰৰ বীজানু কঢ়িয়াই লৈ ফুৰে। পাকঘৰত যেতিয়া জেঠিক পিতপিতাই ফুৰি থকা দেখা পাওঁ তেতিয়া আমি আতংকিত হৈ পঁৰো। এই সৰীসৃপ বিধক কেনেকৈ আঁতৰাব পাৰি জানো আহকচোন—-
১) নহৰু :- নহৰু আৰু পিঁয়াজৰ তীব্ৰ গোন্ধ জেঠিয়ে সহ্য কৰিব নোৱাৰে। বিশেষকৈ নহৰুৰ গন্ধ পালে জেঠিয়ে তাৰ ওচৰে পাজৰে নাহে। গতিকে কেইকোহামান নহৰু থেতেলিয়াই পানীৰ লগত মিলাই ল’ব লাগে। নহৰু মিহলোৱা পানী জেঠি অহা-যোৱা কৰা ৰাষ্টাত বা জেঠি ঘূৰি ফুৰা ঠাইবোৰত স্প্ৰে কৰিলে জেঠিৰ উৎপাত কমে।
২) ন্যপথলিন :- বিভিন্ন পোক- পৰুৱাৰ পৰা ৰক্ষা পাবলৈ বহুতে কাপোৰৰ আলমাৰিত ন্যপথলিন থৈ দিয়ে। ন্যপথলিনৰ গোন্ধত জেঠি পলাই যায়। সেইবাবে ঘৰৰ চুকে -কোণে ন্যপথলিন থৈ দিলে জেঠি সেইফালেদি আৰু অহা-যোৱা নকৰে।
৩) কৰ্পূৰ :- কৰ্পূৰৰ গোন্ধও জেঠিয়ে সহ্য কৰিব নোৱাৰে। জেঠি বেছিকৈ থকা ঠাইবোৰত বা চুক-কোণ বোৰত কৰ্পূৰ থৈ দিব লাগে। এনে কৰিলে জেঠি তাৰ পৰা আঁতৰি যায়।