গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পাইকাণ মাকৰীবড়ী নিবাসী চৰিফত আলী (৬৫)ৰ আজি পুৱা আকস্মিকভাৱে পৰলোকপ্ৰাপ্তি ঘটে। জানিব পৰা মতে ,আজি পুৱা প্ৰায় ৯ বজাত চৰিফত আলীয়ে কৃষ্ণাই বজাৰস্থিত বেংকৰ শাখা এটালৈ ওলাই আহি বজাৰত থকা নিজৰ ভতিজাকৰ দোকানত প্ৰয়োজনীয় কিছু নথিপত্ৰ ফটোষ্টেট কৰিবলৈ সোমায় ৷ তেনে সময়তে লোক জনে উশাহ নিশাহত কষ্ট পোৱা বুলি জনায় ভতিজাকক আৰু মুহূৰ্ততে ঢলি পৰিবলৈ লয় ৷ ভতিজাকে লগে লগে লোক জনক আকোঁৱালি ধৰে আৰু কৃষ্ণাই ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায় ৷
তাৰ পিছতে চৰিফত আলীক লৈ যোৱা হয় গোৱালপাৰা চহৰৰ নাৰ্চিং হোম এখনলৈ ৷ নাৰ্চিং হোমৰ চিকিৎসকে যাৱতীয় পৰীক্ষা নিৰীক্ষাৰ অন্তত লোক জনৰ মৃত্যু ঘটা বুলি ঘোষণা কৰে ৷ অৱসৰপ্ৰাপ্ত গ্ৰাম সেৱক চৰিফত আলীৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে তেঁৱৰ পাইকাণ মাকৰীবড়ীস্থিত বাসগৃহত অগণন গুণমুগ্ধই ভিৰ কৰে ৷ ইয়াৰ পিছতে চৰিফত আলীৰ নশ্বৰদেহ লৈ যোৱা হয় তেঁৱৰ জন্ম গাওঁ মোল্লাপাৰালৈ আৰু আজি সন্ধিয়া সহস্ৰ গুণমুগ্ধৰ উপস্থিতিত জানাজা সম্পন্ন কৰা হয় ৷ উল্লেখ্য যে , চৰিফত আলীয়ে মৃত্যুৰ সময়ত পত্নী, একমাত্ৰ জীয়ৰী, জোঁৱাই আৰু অজস্ৰ আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়। লোক জনৰ আকস্মিক বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰে ৷