আজি ইতিহাসবিদ, ভাষাবিদ, লোক-সংস্কৃতিৰ গৱেষক তথা সাহিত্যিক ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাৰ ওপজা দিন । ১৯০৮ চনৰ আজিৰ দিনটোতে নগাঁৱৰ পুৰণিগুদামত তেওঁৰ জন্ম হৈছিল । ১৯৩৮ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ অধ্যাপক হিচাপে যোগদান কৰে । তাত কিছুদিন কাম কৰাৰ পিছত তেওঁ কটন কলেজত যোগদান কৰে । পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তুতি চলোৱাৰ সময়ত এই কামক আগবঢ়াই নিয়াৰ বাবে গঠন কৰা প্ৰস্তুতি সমিতিৰ সম্পাদক আছিল গোপীনাথ বৰদলৈ আৰু সহ-সম্পাদক আছিল তেওঁ । ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাত তেওঁ তাত অসমীয়া বিভাগৰ ৰিডাৰ হিচাপে যোদান কৰি শেষলৈ কলাগুৰু হিচাপে অৱসৰ গ্ৰহণ কৰে । তেওঁৰ স্মৃতিতে বিশ্ববিদ্যালয় চৌহদত বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হয় । তেওঁ ৰামধেনু আৰু দৈনিক নতুন অসমীয়াৰ সম্পাদক আছিল । অকণ আৰু সুৰভি নামৰ দুখন শিশু-আলোচনীৰো তেওঁ সম্পাদক আছিল । কিছুবছৰ তেওঁৰ সম্পাদনাতে প্ৰকাশ পাইছিল কামৰূপ অনুসন্ধান সমিতিৰ মুখপত্ৰখনো । তেওঁ আছাম একাডেমী ফৰ কালচাৰেল ৰিলেচনৰ প্ৰতিষ্ঠাপক আছিল । ইণ্ডিয়ান লেংগুৱেজ কমিছনৰো প্ৰতিষ্ঠাপক সদস্য আছিল । ইণ্ডিয়ান ফিল্ম চেন্সৰ বোৰ্ডৰো তেওঁ সদস্য আছিল । তেওঁ কেইবাখনো অমূল্য গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁড়াললৈ বৰঙণি দি থৈ গৈছে । জাতকমালা, অসমীয়া লোক-সংস্কৃতি, পুৰণি অসমীয়া কথা সাহিত্য আদি তেওঁৰ অন্যতম গ্ৰন্থ । তেওঁ বীণা বৰুৱা ছদ্মনামত জীৱনৰ বাটত আৰু ৰাস্না বৰুৱা ছদ্মনামত সেউজী পাতৰ কাহিনী নামৰ দুখন জনপ্ৰিয় উপন্যাস লিখি থৈ গৈছে । অসমৰ লোক-সংস্কৃতি নামৰ গ্ৰন্থখনৰ বাবে তেওঁ ১৯৬৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে । বৰেণ্য ব্যক্তিগৰাকীলৈ আমাৰ প্ৰণাম ।