সুকেশ চন্দ্ৰশেখৰৰ সৈতে ধন দাবীৰ গোচৰত নাম সাঙোৰ খাই পৰা বলিউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ পূর্ণাংগ জামিন আৱেদনৰ আজি শুনানি অনুষ্ঠিত হয় ৷ তদন্তকাৰীৰ অধিবক্তাই জেকলিনৰ জামিনৰ তীব্ৰ বিৰোধিতা কৰি কয় যে জেকলিন ফাৰ্নাণ্ডেজৰ ধনৰ অভাৱ নাই ৷ যাৰ বাবে তেওঁ দেশৰ পৰা সহজেই পলায়ন কৰিব পাৰে ৷ অৱশ্যে আদালতে তদন্তকাৰীৰ অধিবক্তাক ওভি ধৰি কয় যে এই পৰ্যন্ত কিয় অভিনেত্ৰী গৰাকীক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে। আদালতে এনফর্চমেন্টক কয়-“এলঅচি জাৰি কৰাৰ পিছতো জেকলিনক এতিয়াও গ্ৰেপ্তাৰ কৰা নাই কিয়? আন অভিযুক্ত জেলত আছে। বাচি বাচি গ্ৰেপ্তাৰ কৰা নীতি কিয় ৷”
জেকলিন ফাৰ্নাণ্ডেজৰ জামিন আৱদন সন্দর্ভত কাইলৈ আদালতে নিজৰ সিদ্ধান্ত ঘোষণা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বেও অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল জেকলিনে ৷ অভিনেতাগৰাকীৰ জামিন অৱেদনৰ বিৰুদ্ধে এনফর্চমেণ্ট সঞ্চালকালয়ৰ মূল যুক্তি আছিল যে তেওঁ দেশ এৰি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল, তদন্তত সহযোগ কৰা নাছিল আৰু গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছিল।
এনফর্চমেন্ট সঞ্চালকালয়ে যুক্তি আগবঢ়ায় কয় , “আমি গোটেই জীৱনত ৫০ লাখ নগদ ধন দেখা নাই যদিও জেকলিনে অৱসৰ বিনোদনৰ বাবে ৭.১৪ কোটি ব্যয় কৰিছে ৷তেওঁ নিজকে বচাবলৈ ভাৰত এৰি পলায়নৰ চেষ্টা কৰিছে ৷ কিয়নো তেওঁৰ হাতত পৰ্যাপ্ত ধন আছে।” এনফর্চমেন্ট সঞ্চালকালয়ে বিমানবন্দৰত এক সতৰ্কবাণীৰে -লুকাউট চাৰ্কুলাৰ (এল অ’ চি) জাৰি কৰিছে ৷ যাতে অভিনেত্ৰীগৰাকীয়ে দেশ এৰি যাব নোৱাৰে ৷
কাৰাগাৰত থকা সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ধন দাবীৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে দাখিল কৰা অভিযোগনামাত জেকলিন ফাৰ্নাণ্ডেজৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। চেলিব্ৰিটি আৰু ব্যৱসায়ীৰ পৰা কোটি কোটি টকা ধন দাবী কৰি সুকেশ চন্দ্ৰশেখৰৰ পৰা ব্যয়বহুল উপহাৰ লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে জেকলিনৰ বিৰুদ্ধে ?
শ্ৰীলংকাত জন্মগ্ৰহণ কৰা বলীউড অভিনেতাগৰাকীয়ে বিলাসী গাড়ী, গুচি আৰু চেনেল বেগ, গুচি জিম ৱেৰ, লুই ভিটনৰ জোতা আৰু গহনা আদি উপহাৰ লাভ কৰাৰ কথা উল্লেখ কৰে। লগতে সুকেশ চন্দ্ৰশেখৰে তেওঁৰ বাবে ব্যক্তিগত জেট ভ্ৰমণ আৰু হোটেলত থকাৰ ব্যৱস্থা কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷
২০১৭ চনৰ পৰা দিল্লীৰ কাৰাগাৰত বন্দী সুকেশ চন্দ্ৰশেখৰে ফৰ্টিছ হেল্থকেয়াৰৰ প্ৰাক্তন প্ৰমোটাৰ শিবিন্দৰ মোহন সিঙৰ পত্নী অদিতি সিঙকে ধৰি বহু লোকক প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে ।