দীর্ঘদিন ধৰি অসুস্থ হৈ থকা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ কিডনী পুনৰ সংৰোপন কৰা হ’ব ৷ বিহাৰৰ ৰাজনীতিবিদ গৰাকীয়ে কন্যা ৰোহিনী আচাৰ্যৰ পৰা লাভ কৰিব কিডনী।
চলিত মাহৰ শেষৰ ফালে কন্যাৰ কিডনী লালু প্ৰসাদ যাদৱৰ শৰীৰত সংৰোপন কৰা হ’ব ৷ ছিংগাপুৰত বাস কৰা লালু যাদৱৰ দ্বিতীয় কন্যা ৰোহিনী আচাৰ্যই কয়, “হয়, সেয়া সঁচা। মই ভাগ্যৱান সন্তান আৰু দেউতাক মোৰ কিডনী দিবলৈ পাই মই গৌৰৱান্বিত।”
৭৪ বছৰীয়া লালু যাদৱ চিকিৎসাৰ বাবে যোৱা ছিংগাপুৰৰ পৰা যোৱা মাহত ওভতি আহিছিল। প্ৰবীণ ৰাজনীতিবিদ তথা তিনিবাৰৰ বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে একাধিক স্বাস্থ্যজনিত সমস্যাত ভুগি আহিছে। শেহতীয়াকৈ তেওঁক কিডনী সংৰোপনৰ পৰামৰ্শ দিয়া হৈছিল।
ৰোহিনী আচাৰ্যই যোৱা মাহত এটা টুইটযোগে পিতৃৰ সৈতে ফটো শ্বেয়াৰ কৰিছিল। ৰোহিনী আচার্যই লিখিছিল –“এই দেশখনক আপোনাৰ উপস্থিতিৰ প্ৰয়োজন যাতে দেশখনে অত্যাচাৰী চিন্তাধাৰাৰ বিৰুদ্ধে যুঁজিব পাৰে।’ বৰ্তমান দিল্লীত থকা লালু যাদৱ জামিনত মুক্তি লাভ কৰিছে । পশুখাদ্য কেলেংকাৰীৰ গোচৰত নিজৰ ভূমিকাক লৈ তেওঁক কাৰাদণ্ড বিহা হৈছিল ৷ দিল্লী আৰু ৰাচীঁত কেইবাবাৰো তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷