ইংৰাজী ০৮-১১-২০২২ তাৰিখ মঙ্গলবাৰে দিনৰ এঘাৰ বজাত “চৰাইদেউ জিলা কবি চক্ৰ”ৰ উদ্যোগত বিমলাপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় “কথা আৰু কবিতাৰ আবেলি” শীৰ্ষক এটি মনোজ্ঞ কথা-কবিতাৰ অনুষ্ঠান । সম্পাদিকা মানসী শইকীয়া ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানটি এটি বৰগীতেৰে শুভাৰম্ভ কৰা হয় ।
‘সদৌ অসম কবি- চক্ৰ’ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ‘চৰাইদেউ জিলা কবি -চক্ৰ’ৰ মূল উদ্দেশ্য হ’ল সাহিত্যৰ নীৰৱ সাধনা কৰা ব্যক্তিসকলক এখন সুকীয়া মঞ্চ প্ৰদান কৰাৰ লগতে শিশু প্ৰতিভাক অগ্ৰাধিকাৰ দিয়া । আনহাতে প্ৰতিখন বৈঠকতে নতুনত্ব আনিব বিচৰা কবিচক্ৰৰ “কথা আৰু কবিতাৰ আবেলি” শীৰ্ষক অনুষ্ঠানটিত এইবাৰ অংশগ্ৰহণকাৰী অতিথিসকল একোখনিকৈ অভিনন্দন পত্ৰ প্ৰদান কৰাৰ প্ৰয়াস কৰা হয়। লগতে জিলা কবি-চক্ৰৰ বেনাৰত গ্ৰন্থৰ বিপনীও ৰখা হয়। সভাৰ প্ৰাৰম্ভতে বিদ্যালয়ৰ চৌহদত ক্ৰমে পাইন, লিচু আৰু নিমৰ বৃক্ষৰোপন কৰে ক্ৰমে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ আচাৰ্য থানেশ্বৰ গগৈ, পদ্ম কুমাৰী বৰুৱা বালিকা উ. মা.বিদ্যালয়ৰ বিষয় শিক্ষয়ত্ৰী গীতাঞ্জলি সন্দিকৈ আৰু বিশিষ্ট সমাজকৰ্মী অনিল শৰ্মাই । গোলকীয় তাপমাত্ৰাৰ বৃদ্ধিয়ে যাতে প্ৰকৃতিক ক্ষতি কৰিব নোৱাৰে আৰু প্ৰাকৃতিক ভাৰসাম্য যাতে অটুট ৰাখিব পাৰে সেই উদ্দেশ্যেৰে চৰাইদেউ জিলা কবি -সাহিত্য চক্ৰই প্ৰতিমাহে এনেদৰে বৃক্ষৰোপনৰ সংকল্প লৈ আহিছে। চৰাইদেউ জিলা কবি -চক্ৰৰ সভাপতি , সোণাৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড. ৰীতা দত্তই পৰিচালনা কৰা এই বৈঠকখনত ‘কথা আৰু কবিতাৰ আবেলি’ নামৰ অনুষ্ঠানটি সঞ্চালনা কৰে চৰাইদেউ জিলাৰ বিশিষ্ট সমাজকৰ্মী তথা সাহিত্যৰ নিৰৱ সাধক থুলন বৰপাত্ৰগোহাঁয়ে। সদৌ অসম কবি -সাহিত্য চক্ৰৰ শীৰ্ষ গীতেৰে শিল্পীসকলে অনুষ্ঠানটিৰ শুভ আৰম্ভণি কৰে ।
উল্লেখযোগ্য যে শীৰ্ষ গীতৰ সুৰ আৰু কথা-স.অ.ক.সাহিত্য চক্ৰৰ সম্পাদক বিতুমনি গোস্বামীৰ। উক্ত অনুষ্ঠানটিত প্ৰায় চল্লিশজন কবিতাপ্ৰেমী,শিশু শিল্পী, স্থানীয় ৰাইজ তথা চাহ বাগিচাৰ সাহিত্যপ্ৰেমী উপস্থিত থাকি গীতে-কথাই-কবিতাৰে বিদ্যালয়ৰ প্ৰাংগন জীপাল কৰি তোলে । অনুষ্ঠানটিত জিলাখনৰ মুখ্য উপদেষ্টা অনিল ফুকনদেৱে সিংহভাগ দায়িত্ব মূৰ পাতি লয় । নিজৰ বিদ্যালয়ত অনুষ্ঠানটি পাতিবৰ বাবে অনুমতি প্ৰদান কৰাৰ লগতে সকলোকে এসাজ ভাতেৰে আপ্যায়ন কৰাৰ বাবে চৰাইদেউ জিলা কবি-সাহিত্য চক্ৰই বিশেষভাৱে বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে অনুষ্ঠানটিত অতিথিবৰ্গক পৰিচয় কৰাই দিয়ে বেঙেনাবাৰী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মঞ্জুলা চেতিয়াই আৰু চমু বক্তব্য প্ৰদান কৰে জিলাৰ কোষাধ্যক্ষা বীনা চুতীয়াই ।
সদৌশেষত চৰাইদেউ জিলা কবি-সাহিত্য চক্ৰই সকলোৰে শলাগ লৈ পুনৰ অহা মাহৰ দহ তাৰিখে অনুষ্ঠিত হ’বলগীয়া বৈঠকলৈ সকলোকে নিমন্ত্ৰণ জনায় ।