আজি বিশিষ্ট সাহিত্যিক, সমালোচক তথা শিক্ষাবিদ ডিম্বেশ্বৰ নেওগৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী প্ৰসিদ্ধ কবি, ঔপন্যাসিক, প্ৰবন্ধকাৰ, নাট্যকাৰ, ভাষা-সাহিত্যৰ গৱেষক, সমালোচক তথা শিক্ষাবিদ । তেওঁ ১৯২৫ চনত শিৱসাগৰ চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি যোৰহাট নৰ্মাল স্কুলৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে । তেওঁ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰিছিল । তাৰ ভিতৰত আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ জিলিঙণি, বৈষ্ণৱ ধৰ্মৰ আতিগুৰি, ইণ্ট্ৰডাকচন টু আছাম আদি উল্লেখযোগ্য । মালিকা, থুপিতৰা, মুকুতা, ইন্দ্ৰধনু আদি তেওঁৰ কবিতা পুথি । তেওঁক ইন্দ্ৰধনুৰ কবি বুলি জনা যায় । তেওঁ অসম সাহিত্য সভা পত্ৰিকাৰ সম্পাদকো আছিল । ১৯৬৫ চনত নলবাৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৬৬ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট গল্পকাৰ ৰমা দাশৰ স্মৃতি দিৱস । ১৯২৮ চনত তেওঁ অসমীয়া বিষয়ত কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত সৰ্বাধিক নম্বৰ পাই ধুবুৰী হাই স্কুলৰ পৰা শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল । শ্বিলঙৰ অসম সচিবালয়ত অনুবাদক আৰু গ্ৰন্থাগাৰিকৰ চাকৰিত সোমাই তেওঁ বিত্ত বিভাগৰ উপ-সচিব হিচাপে অৱসৰ গ্ৰহণ কৰে । আৱাহন আলোচনীৰ যোগেদি তেওঁ সাহিত্য জগতত আত্মপ্ৰকাশ কৰে । আৱাহনৰ প্ৰথম বছৰ দ্বিতীয় সংখ্যাত প্ৰকাশিত তেওঁৰ আপদীয়া ৰাতি নামৰ গল্পটোৱে তেওঁক বিশেষ পৰিচিতি দিয়ে । বৰ্ষা যেতিয়া নামে, প্ৰায়শ্চিত্ত, অচল টকা, অবুজ মায়া, কোন তেওঁ নতুন মিৰাণ্ডা আদি তেওঁৰ উল্লেখযোগ্য গল্প । ৰমা দাশৰ শ্ৰেষ্ঠ গল্প, জাহ্নৱী আদি তেওঁৰ গল্প সংকলন । ১৯৮১ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । গল্পকাৰগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট কাৰ্টুনিষ্ট তথা চিত্ৰশিল্পী ত্ৰৈলোক্য দত্তৰ স্মৃতি দিৱস । তেওঁ অসমত ৰাজনৈতিক কাৰ্টুনৰ ধাৰাটোৰ গুৰি ধৰিছিল । দৈনিক অসম কাকতত তেওঁ কাঁহুদী নামেৰে এলানি বক্স কাৰ্টুন বা পকেট কাৰ্টুন অংকন কৰি এই ধাৰাৰ আৰম্ভণি কৰিছিল । প্ৰখ্যাত কাৰ্টুনিষ্ট আৰ কে লক্ষ্মণৰ চিত্ৰকৰ্মই তেওঁক প্ৰভাৱিত কৰিছিল । তেওঁ নটৰাজ থিয়েটাৰৰ কলা বিভাগতো কাম কৰিছিল । কিছুবছৰ জনসংযোগ বিভাগত কাম কৰিছিল । পিছলৈ ৰামধেনু আলোচনীত যোগ দি শেষত দৈনিক অসমৰ কাৰ্টুনিষ্ট হিচাপে জড়িত হয় । তেওঁ গল্প আৰু নাটকো লৈ লিখিছিল । ২০০৮ চনত তেওঁ বিষ্ণু ৰাভা বঁটা লাভ কৰে । ২০২০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।