দিল্লীৰ আৱকাৰী নীতি ৰূপায়নত হোৱা অনিয়মক লৈ সৃষ্টি হোৱা বিতর্কৰ এতিয়াও অৱসান ঘটা নাই ৷ ইয়াৰ মাজতে আৱকাৰী নীতি ৰূপায়নত হোৱা অনিয়মৰ বাবে ১০০ কোটি টকাৰ উৎকোচ প্ৰদান কৰা হৈছিল বুলি দাবী উত্থাপন কৰিছে ৷ তেওঁলোকে লগতে দাবী কৰে যে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াকে ধৰি তিনি ডজনৰো অধিক ভিআইপিয়ে ডিজিটেল প্ৰমাণ ধ্বংস কৰিবলৈ ১৪০টা মোবাইল ফোন সলনি কৰিছে ৷
এই গোচৰত তদন্তকাৰী সংস্থা এনফর্চমেন্টৰ লগতে চিবিআইয়েও একাধিকবাৰ অভিযান চলাইছে ৷ অৱশ্যে ছিছোডিয়াই কোনো ধৰণৰ ভুল কৰা নাই বুলি উল্লেখ কৰি কয় যে এই অভিযোগ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত। অভিযানে তেওঁৰ বিৰুদ্ধে একো প্ৰমাণ পোৱা নাই বুলিও তেওঁ কয়।
আৱকাৰী নীতিৰ সৈতে জড়িত গোচৰত বৃহস্পতিবাৰে দুটা ব্যক্তিগত কোম্পানীৰ দুজন কাৰ্যবাহীক গ্ৰেপ্তাৰ কৰাৰ সময়তে এনফর্চমেণ্ট সঞ্চালকালয়ে এই দাবী উত্থাপন কৰিছে ।
গ্ৰেপ্তাৰ হোৱা দুজন হৈছে সুৰা কোম্পানী পেৰনড ৰিকাৰ্ডৰ জেনেৰেল মেনেজাৰ বিনয় বাবু আৰু অৰবিন্দ ফাৰ্মাৰ পৰিচালক তথা প্ৰমোটাৰ পি সাৰথ চন্দ্ৰ ৰেড্ডী। মাজনিশাৰ তেওঁলোকক জিম্মাত লোৱা হয়। পিছত সংস্থাটোৱে তেওঁলোকক দিল্লীৰ বিশেষ আদালতত হাজিৰ কৰে আৰু তেওঁলোকক সঞ্চালকালয়ৰ জিম্মাত সাত দিনৰ বাবে প্ৰেৰণ কৰে বুলি বিষয়াসকলে জনায়।