ৰাজ্যৰ আগশাৰীৰ নিউজ প’র্টেল ভইচ ২৪X৭ ৰ প্ৰথম বর্ষপূর্ত্তি উপলক্ষে আয়োজন কৰা অনলাইন প্ৰাইজমাণি প্ৰৱন্ধ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে ৷ বৰপেটাৰ সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ ৰীতা দাসে লাভ কৰিছে প্ৰথম পুৰস্কাৰ ৷ আনহাতে, যোৰহাটৰ মুক্তিনগৰৰ সঞ্জয় ৰবিদাসে দ্বিতীয় আৰু শ্বিলঙস্থিত এনআইটিৰ শিক্ষার্থী জাহ্নৱী চক্ৰৱর্তীয়ে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷ বিজয়ী প্ৰতিযোগীসকলৰ প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তক ক্ৰমে ৫হেজাৰ,৩হেজাৰ আৰু ২ হজাৰ টকাৰ নগদ ধনৰ লগতে মানপত্ৰ প্ৰদান কৰা হ’ব ৷ উল্লেখ্য যে এই প্ৰতিযোগিতাৰ বিষয় আছিল-‘সুস্থ সমাজ গঠনত ডিজিটেল সংবাদ মাধ্যমৰ ভূমিকা আৰু ইয়াৰ ভৱিষ্যত ৷’ প্ৰতিযোগিতাখনিৰ বিচাৰক হিচাপে আছিল ‘নিয়মীয়া বার্তা” কাকতৰ উপ সম্পাদিকা তথা লেখিকা ডঃ গীতালি শইকীয়া ৷ কেইবা শতাধিক প্ৰৱন্ধৰ মাজৰ পৰা তেওঁ শ্ৰেষ্ঠ প্ৰতিযোগী সকলক বাচি উলিয়াই ৷ লক্ষণীয় যে ভইচ ২৪x৭ হৈছে ৰাজ্যৰ এটা আগশাৰীৰ ৱেবপর্টেল৷ সামাজিক-সংস্কৃতিক-ৰাজনৈতিক-ক্ৰীড়া-সাহিত্য আদি সকলো দিশ সামৰি পর্টেলটোৱে বাতৰি পৰিৱেশন কৰি আহিছে ৷