৪৪ বিলিয়ন ডলাৰৰ বিনিময়ত টুইটাৰ ক্ৰয় কৰাৰ পিছত কর্মচাৰীসকলক কেতবোৰ নির্দেশনা দিছে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কে ৷ টুইটাৰৰ কৰ্মচাৰীসকলক প্ৰথম বাৰৰ বাবে এলন মাস্কে সম্বোধন কৰি কয় যে যদিহে প্ৰতিষ্ঠানটোৱে অধিক ধন উপার্জন কৰিবলৈ আৰম্ভ নকৰে তেন্তে ই দেউলীয়া হোৱাৰ সম্ভাৱনা আছে ৷ছ’চিয়েল মিডিয়া কোম্পানীটোৰ পৰা ইতিমধ্যে তেওঁ আধা কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে ৷ বেছিভাগ শীৰ্ষ কাৰ্যবাহীক বর্খাস্ত কৰা হৈছে ৷ আন কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।
কৰ্মচাৰীসকলক উদ্দ্যেশি দিয়া ভাষণত তেওঁ একাধিক কঠোৰ সতৰ্কবাণী জাৰি কৰে। কৰ্মচাৰীসকলে প্ৰতি সপ্তাহত ৮০ ঘণ্টীকৈ কান কৰাৰ লগতে বিনামূলীয়া খাদ্যবন্ধ কৰা হ’ব বুকু ঘোষণা কৰে । তদুপৰি ক’ভিদৰ সময়ছোৱাত ৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰিবলৈ দিয়া সুবিধাও বন্ধ কৰিবলৈ দিছে ৷ যদিহে কোনোবাই এনেদৰে কাম কৰিব নিবিচাৰে তেনেহ’লে তেওঁলোকক পদত্যাগ কৰিবলৈয়ো মাস্কে কয় ৷
তেওঁ টুইটাৰত সালসলনি কৰিব বিচৰা সুবিধাসমূহৰ বিষয়েও ইংগিত প্ৰদান কৰে ৷ পেমেণ্ট, অধিক কথোপকথন , বিজ্ঞাপনৰ উপৰি টিকটকৰ দৰেই টুইটাৰ এপত উপলব্ধ হোৱাত অধিক উজু হোৱাৰ মতপোষণ কৰিছে মাস্কে ৷ ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে টুইটাৰৰ মুখ্য তথ্য সুৰক্ষা বিষয়া, মুখ্য গোপনীয়তা বিষয়া আৰু মুখ্য কম্প্লাইয়েন্স বিষয়াই চাকৰিৰ পৰা পদত্যাগ কৰে ৷ বুধবাৰে সন্ধিয়া মাস্কে ইমেইলযোগে কৰ্মচাৰীসকলক “আগন্তুক কঠিন সময়ৰ” বাবে সতৰ্ক কৰি দিয়ে ৷