ভাৰতৰ কেইটামান সকলোতকৈ ব্যস্ত ৰে’লৱে ষ্টেছনৰ বিষয়ে আমি সকলো হয়তো অৱগত নহয় ৷ আমাৰ দেশৰ মানুহে বহু কাৰণত ৰে’লপথেৰে যাতায়ত কৰি ভাল পায় ৷ পৰিবহনৰ খৰচেই হওঁক নাইবা যাত্ৰাৰ সুবিধাৰ বাবেই হওঁক তেওঁলোকে ৰে’ল যাত্ৰাকেই সচৰাচৰ দূৰণীবটীয়া যাত্ৰা বা ওচৰৰ কোনো ঠাইলৈ যাত্ৰা কৰিবৰ বাবে নিৰ্বাচন কৰে । এই ৰে’লপথে দেশৰ প্ৰায় সকলো চহৰ আৰু গ্ৰাম্য অঞ্চলকেই সংযোগ কৰে।
ভাৰতৰ গৰিষ্ঠসংখ্যক ৰে’লৱে ষ্টেচনেই সদায় ব্যস্ত যদিও কিছুমান ৰে’লৱে ষ্টেছন তুলনামূলক ভাৱে আৰু অধিক ব্যস্ত। আজি জানো আহক দেশখনৰ তেনে কেইটামান ব্যস্ত ৰে’ল ষ্টেচনৰ বিষয়ে –
হাওৰা জংচন ৰে’লৱে ষ্টেচন-
১৮৫৪ চনতে উদ্বোধন হোৱা এই ষ্টেচনটো দেশৰ ভিতৰতে আটাইতকৈ পুৰণি ষ্টেচন। ভিক্টোৰিয়ান যুগৰ পৰাই এই হাওৰা ভ্ৰমণকাৰীসকলৰ প্ৰিয় আৰু সেইবাবেই হাওৰা জংচনত সদায় ভিৰ দেখা যায় । এই ষ্টেচনত মুঠ ২৩টা প্লেটফৰ্ম আছে। প্ৰতিদিনে হাওৰা ষ্টেচনলৈ অহা এক মিলিয়নতকৈ অধিক যাত্ৰীয়ে এই ষ্টেছনটোক ভাৰতৰ আটাইতকৈ শক্তিশালী ৰে’ল পৰিচালনা ক্ষমতাসম্পন্ন ৰে’লৱে ষ্টেচন কৰি তুলিছে ৷ উল্লেখনীয় যে এই ষ্টেছন ভাৰতৰ আটাইতকৈ ডাঙৰ ৰে’লৱে জংচন।
নতুন দিল্লী ৰে’লৱে ষ্টেচন-
দৈনিক ৫ লাখৰো অধিক যাত্ৰীৰ আগমন ঘটা নতুন দিল্লী ষ্টেচন দেশৰ দ্বিতীয় ব্যস্ত ৰে’ল ষ্টেচন। ইয়াত ১৬টা প্লেটফৰ্মৰ সৈতে ৩৫০খনতকৈও অধিক ৰে’ল পৰিচালনা কৰা হয়। ১৮৬৪ চনৰ পৰা সেৱা আগবঢ়োৱা নতুন দিল্লী ষ্টেচন ভাৰতৰ ভিতৰতে অন এক ডাঙৰ ৰে’লৱে জংচন। কেৱল এয়াই নহয়, এই ৰে’লৱে ষ্টেচনটোৱে বিশ্বৰ সৰ্ববৃহৎ ৰুট ইন্টাৰলক ব্যৱস্থা হিচাপে স্বিকৃতি লাভ কৰিবলৈকো সক্ষম হৈছে।
কানপুৰ কেন্দ্ৰীয় ৰে’লৱে ষ্টেচন-
কানপুৰ কেন্দ্ৰীয় ৰে’ল ষ্টেচনক কানপুৰ নৰ্থ বেৰেক (CNB) বুলিও কোৱা হয় আৰু ই পাঁচটা কেন্দ্ৰীয় ভাৰতীয় ৰে’ল ষ্টেচনৰ অংশ। এই জংচনত প্ৰতিদিনে এক মিলিয়নতকৈও অধিক যাত্ৰীৰ আগমন ঘটে ৷ সেয়েহে ই ভাৰতৰ অন্যতম ব্যস্ত ৰে’ল ষ্টেচন। ইয়াৰ ১০টা প্লেটফৰ্মৰ মাজেৰে প্ৰায় ৬১১খন ৰে’ল পাৰ হৈ যায়, যিবোৰ ভাৰতৰ ৫৮০টা ষ্টেচনৰ সৈতে পোনপটীয়াকৈ সংযুক্ত।
পণ্ডিত দীন দয়াল উপাধ্যায় জংচন ৰে’লৱে ষ্টেচন-
এছিয়াৰ আটাইতকৈ ডাঙৰ মাৰ্শ্বেলিং য়াৰ্ড ধৰি থকা পণ্ডিত দীনদয়াল উপাধ্যায় জংচনেৰে মাহত ৪০০ৰ পৰা ৫০০খন ৰে’ল চলাচল কৰে। ১৮৬২ চনত মোগল চৰাই ষ্টেচন নামেৰে আৰম্ভ হৈছিল এই ৰে’ল ষ্টেচন । ইয়াত ৮টা প্লেটফৰ্ম আছে আৰু প্ৰায় ১২৭খন যাত্ৰীবাহী ৰে’ল এই ষ্টেচনৰ মাজেৰে পাৰ হৈ যায়। ইয়াৰ উপৰিও পণ্ডিত দীন দয়াল উপাধ্যায় জংচনত দহখন বিচনাযুক্ত ছাত্ৰাবাস, এচি আৰু নন-এচি প্ৰস্ৰাৱগাৰ, আৰু খাদ্যৰ ঠাইও আছে।
কল্যাণ জংচন ৰে’লৱে ষ্টেচন-
১৯৫৪ চনত নিৰ্মাণ কৰা কল্যাণ ষ্টেচনে মুম্বাইৰ এটা ডাঙৰ ৰে’ল ষ্টেচন হিচাপে পৰিগণিত। ই মুম্বাইৰ উত্তৰ-পূব আৰু দক্ষিণ-পূব ৰেখাৰ সংযোগস্থলত অৱস্থিত। ৮টা প্লেটফৰ্মত ২৮০খনতকৈও অধিক ৰে’লৰ সৈতে এক লাখৰো অধিক যাত্ৰীক সেৱা আগবঢ়ায় এই বৃহৎ ৰে’লৱে ষ্টেচনটোৱে। কল্যাণ ৰে’ল ষ্টেচন দেশৰ অধিকাংশ ৰাজ্যৰ সৈতে সংযুক্ত, যাৰ বাবে ই হৈ পৰিছে দেশৰ ভিতৰতে অন্যতম এটা ব্যস্ত ৰে’লৱে ষ্টেচন।