আজি তেলেংগানাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক দুৰ্নীতি আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰি অহা বুলি আক্ৰমণ কৰে ৷ নাম নোলোৱাকৈয়ে ৰাওক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনক ” নাগৰিক প্ৰথম ,পৰিয়াল প্ৰথম নহয় ” চৰকাৰহে প্ৰয়োজন ৷
প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী গৰাকীৰ “অন্ধবিশ্বাস”ক লৈ ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কাৰ্যালয়ৰ স্থান ক’ত হ’ব, মন্ত্ৰী হিচাপে কাক বাছি ল’ব আদিকে ধৰি সকলো গুৰুত্বপূর্ণ সিদ্ধান্ত অন্ধবিশ্বাসৰ ওপৰত লয় ৷ । সামাজিক ন্যায়ৰ ক্ষেত্ৰত ই আটাইতকৈ ডাঙৰ অন্তৰায় বুলিও তেওঁ লগতে কয়।ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে বিৰোধী দলসমূহে সংস্থাসমূহে তেওঁলোকৰ বিৰুদ্ধে দুৰ্নীতিৰ তদন্তৰ আশংকা কৰি মিত্ৰজোঁট গঠনৰ চেষ্টা চলাইছে।
প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনত অবাধ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ সময়তে কয় যে কেন্দ্ৰী চৰকাৰে ডিজিটেল লেনদেন আৰু অনলাইন বিত্তীয় লেনদেনৰ ব্যৱস্থাই দুৰ্নীতি বহু পৰিমাণে হ্ৰাস কৰিছে ৷
মোদীয়ে কয় -“জন ধন, আধাৰ আৰু মোবাইল এই তিনিটা শক্তিৰ জৰিয়তে আমি সকলো ভুৱা হিতাধিকাৰীক আঁতৰাবলৈ সক্ষম হৈছো। দুখীয়াই পোনপটীয়াকৈ একাউণ্টত ধন লাভ কৰি আছে। ইয়াৰ পূৰ্বে দৰিদ্ৰ লোকৰ বাবে নিৰ্ধাৰিত ধন আৰু ৰেচন প্ৰৱঞ্চনাৰ জৰিয়তে লুণ্ঠন কৰা হৈছিল।”
প্ৰধানমন্ত্ৰী মোদীয়ে সভাত ভাষণ প্ৰদান কৰি কয় – ‘মই ভাগৰি নাযাওঁ কাৰণ প্ৰতিদিনে মই ২-৩ কিলোগ্ৰাম গালি শুনিব পাওঁ ৷ভগৱানে মোক এনেদৰে আশীৰ্বাদ দিছে যে এই গালিসমূহ মোৰ শৰীৰত পুষ্টিলৈ ৰূপান্তৰিত হয়।’
প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে মোডীক গালি-গালাজ কৰক, বিজেপিক গালি-গালাজ কৰক…কিন্তু যদি আপুনি তেলেংগানাৰ জনসাধাৰণক গালি-গালাজ কৰে তেন্তে আপুনি ইয়াৰ মূল্য ভৰিব লাগিব ৷ তেওঁ কয় যে ৰাজ্য খনত কেন্দ্ৰৰ উন্নয়নমূলক আঁচনিসমূহ ৰোধ কৰিবলৈ ইচ্ছাকৃতভাৱে বাধা দিয়া হৈছে।