আমেৰিকাৰ এক চাঞ্চল্যকৰ খবৰে সমগ্ৰ বিশ্বতে খলকনি তুলিছে ৷ ইয়াত এজন কোটিপতি ব্যক্তিৰ ২৪ ঘন্টাৰ ভিতৰত লোকচান হৈছে প্ৰায় ১১৬৭ বিলিয়ন টকা ৷ এই ভয়াবহ লোকচানৰ ফলত কিং-কৰ্তব্য বিমূহ হৈ পৰিছে ছেম বেংকমেন-ফ্ৰাইড নামৰ এই ব্যক্তি গৰাকী ।
২৪ ঘণ্টাৰ ভিতৰত প্ৰায় ৯৪ শতাংশ হ্ৰাস পাইছে তেওঁৰ সম্পত্তি। এক প্ৰতিবেদন অনুসৰি এদিনতে হোৱা যিকোনো কোটিপতিৰ ধন-সম্পত্তিৰ এইটোৱেই আটাইতকৈ ডাঙৰ হ্ৰাস।
৩০ বছৰীয়া ছেম বেংকমেন-ফ্ৰাইড ক্ৰিপ্টোকাৰেন্সী এক্সচেঞ্জ এফটিএক্সৰ প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন চিইঅ’। আৰ্থিক সংকটৰ মাজতে যি এফটিএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া পদৰ পৰা পদত্যাগ কৰিছে। মাত্ৰ এটা টুইটৰ ফলতেই বেংকমেন-ফ্ৰাইড দেওলীয়া হোৱাৰ লগতে তেওঁৰ ক্ৰিপ্টো সাম্ৰাজ্যৰ পতন ঘটিছে বুলি কোৱা হৈছে।
দৰাচলতে ছেম বেংকমেন-ফ্ৰাইডে তেওঁৰ ক্ৰিপ্টো এক্সচেঞ্জ এফটিএক্স প্ৰতিদ্বন্দ্বী বাইনেন্সে কিনিব বুলি টুইট কৰাৰ পিছতেই তেওঁৰ সম্পত্তি ভয়ংকৰভাৱে হ্ৰাস পাইছিল । টুইটাৰত ফ্ৰাইডক এছ বি এফ বুলি জনা যায়। এছ বি এফৰ এই ঘোষণাৰ পিছতে বাইনেন্সৰ মুৰব্বী চাংপেং ঝাৱেও এক টুইট কৰিছিল আৰু লিখিছিল যে এফটিএক্সে নগদ ধনৰ সংকটত যাক ক্ৰয় কৰিবলৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে।
প্ৰতিবেদন অনুসৰি, এফটিএক্স বিক্ৰীৰ খবৰ পোৱাৰ পূৰ্বে এছ বি এফৰ সম্পত্তিৰ পৰিমাণ আছিল ১৫.২ বিলিয়ন ডলাৰ (১২২৪ বিলিয়ন টকাৰ ওচৰত)। কিন্তু চাংপেং ঝাওৰ টুইটৰ পিছতেই ৰাতিটোৰ ভিতৰতে তেওঁৰ সম্পত্তি ১৪.৬ বিলিয়ন ডলাৰলৈ কমি গ’ল। যি বিশ্বৰ ৩০বছৰীয়া কোটিপতিগৰাকীৰ বাবে এক বিপৰ্যয়তকৈ কোনো গুণে কম নহয়।