আজি বিশিষ্ট ভাষাবিদ, অনুবাদক তথা অভিধান প্ৰণেতা ডঃ উপেন্দ্ৰ নাথ গোস্বামীৰ ওপজা দিন তথা স্মৃতি দিৱস ।১৯২৩ চনৰ আৰু ২০০০ চনৰ আজিৰ দিনটোতে নলবাৰী সত্ৰত তেওঁৰ জন্ম আৰু মৃত্যু হৈছিল । ১৯৫২ চনত তেওঁ ডিব্ৰুগড়ৰ ডি এইছ কে কলেজত অসমীয়া বিষয়ৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে । ১৯৫৮ চনত তেওঁ A Study of Makeup : A Dialect of Assamese শীৰ্ষক বিষয়ত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে । এই বিশ্ববিদ্যালয়ৰ পৰা ভাষা বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা তেঁৱেই প্ৰথমগৰাকী ব্যক্তি । ১৯৬০ চনত কটন কলেজত যোগদান । ১৯৬৪ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰি ১৯৮৭ চনত বিভাগটোৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে । অসমীয়া ভাষাৰ ৰূপকথা, ভাষা বিজ্ঞান, ভাষা-সমাজ-সাহিত্য, অসমীয়া লিপি, দেউৰী শব্দমালা, An Introduction to Assamese, An Introduction to Deuri Language আদি তেওঁৰ ৰচিত গ্ৰন্থ । মানৱৰ পুনৰ নিৰ্মাণ, প্ৰেমচন্দৰ পাঁচটা চুটিগল্প তেওঁৰ অনুবাদ গ্ৰন্থ । মণিমাণিক শব্দকোষ তেওঁ প্ৰণয়ন কৰা অভিধান । ভাষাবিদগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ এগৰাকী বৰেণ্য ব্যক্তি নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ স্মৃতি দিৱস । তেওঁ সংগীত, চিত্ৰাংকন, শৰীৰচৰ্চা আদিত পাৰদৰ্শী আছিল । ১৯২৯ চনত তেওঁ দীননাথ শৰ্মাৰ সৈতে আৱাহন আলোচনী প্ৰকাশ কৰিছিল । তেওঁ অসম সাহিত্য সভাৰ পৃষ্ঠপোষক আছিল । ১৯৩১ চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল । উছৰ্গা, দুটিৰামৰ সংসাৰ, পোহাৰী আদি তেওঁৰ গল্প সংকলন । স্ত্ৰী শিক্ষাৰ প্ৰয়োজনীয়তা, আহোম ভাষাৰ বুৰঞ্জী আদি তেওঁৰ প্ৰবন্ধ সংকলন । ১৯৪৭ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । বৰেণ্য ব্যক্তিগৰাকীলৈ আমাৰ প্ৰণাম ।