আজি ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ ওপজা দিন । ১৮৮৯ চনৰ আজিৰ দিনটোতে এলাহাবাদত (বৰ্তমানৰ প্ৰয়াগৰাজ) তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী ৰাজনীতিক হোৱাৰ উপৰি লেখকো আছিল । তেওঁ একেৰাহে ১৭ বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল । শিশুহঁতৰ প্ৰতি তেওঁৰ বিশেষ টান আছিল বাবে তেওঁৰ ওপজা দিনটো ভাৰতত শিশু-দিৱস হিচাপে পালন কৰা হয় । শিশু-হঁতে তেওঁক নেহৰু খুৰা বুলি মাতিছিল । বিশ্ব ইতিহাসৰ জিলিঙণি, দ্য ডিস্কভাৰী অব ইণ্ডিয়া আৰু আত্মকথা তেওঁৰ প্ৰকাশিত পুথি । ১৯৫৫ চনত তেওঁক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰা হয় । নেতাগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ ওপজা দিন । ১৯৪২ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ জন্ম হৈছিল । মামণি ৰয়ছম গোস্বামী তেওঁৰ পোছাকী নামহে, তেওঁৰ প্ৰকৃত নাম ডঃ ইন্দিৰা গোস্বামী । মাধৱ কন্দলীৰ ৰামায়ণ সন্দৰ্ভত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা মামণি ৰয়ছম গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ভাষা বিষয়ত অধ্যাপনা কৰিছিল । তেওঁ ৰামায়ণী সাহিত্যৰ পণ্ডিত আছিল । তেওঁ অসমীয়া আৰু ইংৰাজী উভয় ভাষাতে সাহিত্য ৰচনা কৰিছিল । ১৯৮২ চনত তেওঁ মামৰে ধৰা তৰোৱাল নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । ১৯৮৮ চনত অসম সাহিত্য সভা বঁটা, ১৯৯৩ চনত কথা ৰাষ্ট্ৰীয় সাহিত্যিক বঁটা, ১৯৯৬ চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটি আদি অনেক সন্মান তেওঁ লাভ কৰিছিল । ২০০০ চনত তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰে । তেওঁ অসম সাহিত্য সভাৰ দিল্লী শাখাৰ সভাপতি আছিল । নীলকণ্ঠী ব্ৰজ, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, ছিন্নমস্তাৰ মানুহটো আদি তেওঁৰ জনপ্ৰিয় সাহিত্যকৃতি । বৰেণ্য সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।