সোমবাৰে গুগলে চলিত বর্ষৰ ডুডল ফৰ গুগল প্ৰতিযোগিতাৰ বিজয়ীৰ নাম ঘোষণা কৰে। এইবাৰ এই বটাঁ লাভ কৰিছে কলকাতাৰ শ্লোক মুখাৰ্জীয়ে ৷ ‘ইণ্ডিয়া অন দ্য চেণ্টাৰ ষ্টেজ’ শীৰ্ষক অনুপ্ৰেৰণামূলক ডুডলৰ বাবে তেওঁক ভাৰতৰ বাবে বিজয়ী ঘোষণা কৰা হয়। আজি গুগলত তেওঁ অঁকা ডুডল প্ৰদর্শণ কৰা হৈছে ৷
নিজে অংকন কৰা ডুডল সন্দর্ভত শ্লোকে লিখিছে, “অহা ২৫ বছৰত ভাৰতৰ বিজ্ঞানীসকলে মানৱতাৰ উন্নয়নৰ বাবে নিজাকৈ পৰিৱেশ অনুকূল ৰবট নিৰ্মাণ কৰিবলৈ সক্ষম হ’ব । ভাৰতত পৃথিৱীৰ পৰা মহাকাশলৈ নিয়মীয়াকৈ আন্তঃনক্ষত্ৰীয় যাত্ৰা হ’ব। ভাৰতে যোগ আৰু আয়ুৰ্বেদত অধিক বিকাশ কৰিব, আৰু অনাগত বছৰবোৰত অধিক শক্তিশালী হ’ব।”
এইবাৰৰ প্ৰতিযোগিতাখনত সমগ্ৰ ভাৰতৰ ১০০খনতকৈও অধিক চহৰৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ১ লাখ ১৫ হাজাৰতকৈয়ো অধিক শিশুৱে অংশগ্ৰহণ কৰিছে ৷ এইবাৰৰ বিষয় আচিল “অহা ২৫ বছৰত মোৰ ভাৰত” ৷বিচাৰক হিচাপে গুগল ডুডলৰ দলৰ লগতে অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক আৰু টিভি অভিনেতা আদি সন্নিৱিষ্ট হৈ আছিল ৷
ডুডলৰ চূড়ান্ত প্ৰতিযোগী ২০ গৰাকীক ৰাজহুৱা ভোটদানৰ বাবে অনলাইনত প্ৰদৰ্শন কৰা হয়। ৰাষ্ট্ৰীয় বিজয়ীৰ উপৰিও ৪ গৰাকী দলীয় বিজয়ীকো নিৰ্বাচিত কৰা হয়। গুগলৰ বাবে ডুডল প্ৰতিযোগিতাৰ লক্ষ্য হৈছে যুৱক-যুৱতীসকলৰ সৃষ্টিশীলতাক উৎসাহিত কৰা ৷